গুৱাহাটী,২১ ছেপ্টেম্বৰ : উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈৰ অগ্ৰণী শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয় উজলিল ৰাষ্ট্ৰীয় পৰ্যায়ত। ৰাষ্ট্ৰীয় সেৱা যোজনাত ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্বাচিত ডিগবৈৰ উচ্চ শিক্ষানুষ্ঠান ডিগবৈ মহাবিদ্যালয় ছাত্রী নয়না শইকীয়া। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰালয়ৰ দ্বাৰা ১৭ ছেপ্টেম্বৰত ঘোষিত ২০২০-২০২১ বৰ্ষৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে ডিগবৈ মহাবিদ্যালয়ৰ ছাত্ৰী নয়না শইকীয়া।
ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ডিগবৈ মহাবিদ্যালয় গোটৰ সক্ৰিয় সদস্যা নয়না শইকীয়াই ২০১৮-২০২১ বৰ্ষত ৰাষ্ট্ৰীয় সেৱা যোজনা ৰূপায়ণত বিভিন্ন দিশত আগবঢ়োৱা সেৱাৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে। ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত অনুষ্ঠানত নয়নাই ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰিব। নয়নাৰ এই সফলতাত ডিগবৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দীপ শইকীয়া আৰু ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ডিগবৈ মহাবিদ্যালয় গোটে ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। ডিগবৈ টিংৰাই বনগাঁৱৰ নিৱাসী ত্ৰিদীপ শইকীয়া আৰু সুৰভি শইকীয়াৰ সুযোগ্যা কন্যা নয়না বর্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যয়নৰত।
Comments