Cartoon
View Older
যোৰহাট: ২১ ছেপ্টেম্বৰ: এইখন হ'ল যোৰহাটৰ পিয়লি বজাৰ। বহু থলুৱা ব্যৱসায়ীয়ে সংস্থাপন পোৱা এই বজাৰখন এজন বৃটিছ চাহাবৰএটা সমাধি উচ্ছেদ কৰি নিৰ্মাণ কৰা হৈছে। সমাধিটো কাৰ জানেনে? এই বজাৰখনৰ ঠাইত থকা সমাধিটোত শুই আছিল ১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট জে এন নিউ ভিল।
এতিয়া শুনক আচল কাহিনীটো। এই জে এন নিউ ভিল চাহাবেই পিয়লি ফুকন আৰু জিউ ৰাম দুলিয়া বৰুৱাক ফাঁচীৰ নিৰ্দেশ দিছিল। এনে এজন চাহাবৰ সমাধিৰ ওপৰতে এতিয়া নিৰ্মাণ কৰা হ'ল তেওঁৱেই ফাঁচীৰ নিৰ্দেশ দিয়া পিয়লি বজাৰ। এতিয়া অত্যন্ত ব্যস্ত এই বজাৰখন দেখি মানুহৰ কুখ্যাত নিউ ভিল চাহাবলৈ মনত নপৰে। মনত পৰে দেশৰ স্বাধীনতাৰ কাৰণে মৃত্যুক আঁকোৱালি লোৱা পিয়লি বৰুৱালৈ।
Comments