গুৱাহাটী,২১ ছেপ্টেম্বৰ:নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৪সংখ্যক স্বাধীনতা দিৱস কাপ প্রাইজমানী ফুটবল প্রতিযোগিতাৰ আজি অনুষ্ঠিত অন্তিমখন কোৱাৰ্টাৰ ফাইনেল লীগৰ খেলত অইল ইণ্ডিয়া ফুটবল ক্লাব, দুলীয়াজান দলে কোলা ইউনাইটেড ফুটবল ক্লাবক ৩-০ গ'লত পৰাস্ত কৰি লীগৰ সম্পূৰ্ণ পইন্ট অর্জনেৰে গ্ৰুপত শীর্ষ স্থান অধিকাৰ কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে আনহাতে, গ্রুপত দ্বিতীয় স্থান লাভ কৰা অসম ৰাইফলছ দলৰো ছেমিফাইনেলত স্থান নিশ্চিত হয়।
আজি অইল দলে উৎসাহজনক খেল প্ৰদৰ্শন কৰি দলৰ মিন্টু বড়োৱে ৯ মিনিটত, আক্রাং নাৰ্জাৰীয়ে ১৪ মিনিটত আৰু মিলন বসুমতাৰীয়ে ১৮ মিনিটত গ'ল দি কেৰালা দলক ব্যতিব্যস্ত কৰি তোলে। মাত্র ৯ মিনিটত তিনিটাকৈ গ'লত পিছ পৰি থকা কেৰালা দলে বিৰতিৰ সময়লৈ গ'ল পৰিশোধ কৰিব নোৱাৰে।
বিৰতিৰ পাছত যোৱাবাৰৰ ৰানাৰ্ছ আপ কেৰালা দলে উভতি ধৰি আক্ৰমণ ৰচনা কৰে যদিও বিপক্ষৰ ৰক্ষণ বিভাগক পৰাস্ত কৰাত ব্যৰ্থ হয়। ফলত নীস খেলখনত তাইল দল ৩-০ গ'লত জয়ী হৈ ছেমিফাইনেলত প্ৰৱেশ কৰে। কাইলৈ প্রতিযোগিতাৰ কোনো খেল নাই ছেমিফাইনেল খেল দুখন অনুষ্ঠিত হ'ব অহা ২১ আৰু ২২ ছেপ্টেম্বৰত।
Comments