গুৱাহাটী,২১ ছেপ্টেম্বৰ:সৰ্থেবাৰী আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত শিক্ষাৰ নৱ জাগৰণ সৃষ্টিৰ উদ্দেশ্যৰে গঢ় লৈ উঠা 'তেজস’ নামৰ শৈক্ষিক প্ৰতিষ্ঠানে সদ্য ঘোষিত অসম আৰক্ষীৰ বিভিন্ন পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাত ঈৰ্ষণীয় সফলতা দেখুৱাবলৈ সক্ষম হৈছে ।
এই অনুষ্ঠানতেই প্ৰশিক্ষণ গ্ৰহণ কৰা পিংকুমণি ডেকা,জিতুমণি নাথ,দুৰ্গা চৰকাৰ, অনামিকা ডেকা, ৰঞ্জন পাঠক আৰু হীৰামনি ৰয়ে উক্ত পৰীক্ষাত উত্তীৰ্ণ হৈ লিখিলে নিজৰ স্বৰ্ণিল ভৱিষ্যত । ইতিপূৰ্বেও অসম আৰক্ষীৰ বহুকেইটা পৰীক্ষাত তেজসৰ প্ৰশিক্ষাৰ্থীয়ে সফলতা অৰ্জন কৰি আহিছে । কেৱল মাত্ৰ অসমৰ প্ৰতিযোগিতামূলক পৰীক্ষাতেই নহয় এই অনুষ্ঠানৰেই ছাত্ৰ এতিয়া ভাৰতীয় নৌ সেনাতো কৰ্মৰত হৈ আছে।
নিত্য নতুন পৰিকল্পনা হাতত লোৱা তেজসে প্ৰতিযোগিতাৰ যুগত ছাত্ৰ-ছাত্ৰী সকলৰ ব্যৱহাৰিক জ্ঞানৰ যুক্তি যুক্ততাক অনুধাৱন কৰি শেহতীয়াকৈ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ লগতে উচ্চতৰ মাধ্যমিক পৰ্যায়লৈয়েকে কৰি থকা ক্লাছসমূহ সম্পুৰ্ণ ডিজিটেল পদ্ধতিত কৰাৰ বাবে কিছু নতুন পদক্ষেপ হাতত লৈছে । সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাতো তেজসৰ ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ।
Comments