গুৱাহাটী, ২১ ছেপ্টেম্বৰ :দেশৰ উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখৰৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰীৰ কিছুমান ৰাজপথত কেতবোৰ যান-বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।এই সন্দৰ্ভত মহানগৰ আৰক্ষীৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত হিৰণ্য কুমাৰ বৰ্মনে বুধবাৰে পাণবজাৰত থকা কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত কয় যে উপ-ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে ২২ ছেপ্টেম্বৰত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ মহানগৰৰ অন্তৰ্গত ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ছয় বা ততোধিক চকাযুক্ত বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।
আনহাতে, ২২ ছেপ্টেম্বতৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ৩.৩০ বজালৈ মহানগৰীৰ এম জি ৰ'ড, ডি জি ৰ'ড, এ টি ৰ'ড, কে এল বি ৰ'ড, তৈয়বুল্লাহ ৰ'ড, জি এন বি ৰ'ড, বি বৰুৱা ৰ'ড, জি এছ ৰ'ড আৰু পাঞ্জাবাৰী ৰ'ডত সৰু, মজলীয়া আৰু গধুৰ সকলো ধৰণৰ বাণিজ্যিক মালবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।আনহাতে, বৃহস্পতিবাৰে এই ক্ষেত্ৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে মহানগৰ যান-বাহন আৰক্ষীয়ে । উল্লেখ্য যে শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত লোকমন্থন অনুষ্ঠানত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিয়ে ।
Comments