Cartoon
View Older
গুৱাহাটী,২২ ছেপ্টেম্বৰ:দিল্লীৰ অসম ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ অখিল গগৈৰ। বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যৰ উন্নয়ন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰে অখিল গগৈয়ে।মুখ্যমন্ত্ৰীৰ পৰা সমষ্টি উন্নয়নৰ কেইবাটাও প্ৰতিশ্ৰুতি আদায় কৰিলে অখিলে।
সেই অনুসৰি, সাধাৰণ বিশ্ববিদ্যালয়লৈ উন্নীত হ’ব শিৱসাগৰৰ সমবায় বিশ্ববিদ্যালয়।থাওৰা-শিৱসাগৰৰ মাজত মেডিকেল কলেজ স্থাপন কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ অধ্যয়নৰ বাবে মুকলি কৰি দিব পুঁজি।
Comments