গুৱাহাটী, ২০ ছেপ্টেম্বৰঃ বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ সমস্যাৰ অন্ত পৰা নাই আৰু দিল্লী আৰক্ষীৰ ইকনমিক অফেন্স উইঙে (ইঅ'ডব্লিউ) আকৌ এবাৰ জেকলিনক সুকেশ চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্কিত ২০০ কোটি টকাৰ প্ৰতাৰনা বিষয়টোত জেৰাৰ বাবে মাতি পঠিয়াইছে। ইকনমিক অফেন্স উইঙে সোমবাৰে জেকলিনক জেৰা চলায়। দিল্লী আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই এমচিওচিএৰ অধীনত সুকেশৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।
ই.ও.ডব্লিউ.-য়ে জেকলিন ফাৰ্ণাণ্ডেজক তেওঁৰ ফেশ্বন ডিজাইনাৰ লীপাক্ষীৰ সৈতে মাতি পঠিয়াইছিল। ই.ও.ডব্লিউ.-য়ে জেকলিন আৰু লিপাক্ষীক মুখামুখিকৈ সোধা-পোছা কৰে। ইয়াৰ আগতে, ই.ও.ডব্লিউ. দলে জেকলিনক ৮ ঘণ্টা ধৰি জেৰা চলাইছিল।
বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, সুকেশ চন্দ্ৰশেখৰে ফেশ্বন ডিজাইনাৰ লীপক্ষীক জেকলিন ফাৰ্ণাণ্ডেজৰ পোছাক বনাবলৈ টকা দিছিল। প্ৰৱঞ্চক সুকেশে লিপাক্ষীৰ জৰিয়তে জেকলিনক পোছাকজোৰ উপহাৰ দিছিল। অনুসন্ধান চলোৱাৰ পিছত জানিব পোৱা গৈছে যে, জেকলিন ফাৰ্ণাণ্ডেজ সুকেশ চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্কত আছিল। অনুসন্ধানত, জেকলিনে বহুতো প্ৰশ্নৰ উত্তৰ পোনপটীয়াকৈ দিয়া নাছিল। সেইকাৰণে তেওঁক পুনৰ জেৰাৰ বাবে মাতি পঠোৱা হৈছে।
Comments