গুৱাহাটী,২০ ছেপ্টেম্বৰ:১৫ হাজাৰ কোটি টকা বিনিয়োগ কৰি তাজপুৰ বন্দৰ নিৰ্মাণৰ বাবে অনুমোদন প্ৰদান কৰিছে পশ্চিমবংগৰ ৰাজ্যিক কেবিনেটে। সোমবাৰে ৰাজ্যিক কেবিনেট বৈঠকত ছীল কৰা হয় এই সিদ্ধান্ত। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ নেতৃত্বত আয়োজন কৰা এই বৈঠকত নতুন সাগৰীয় বন্দৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছিল আদানী গ্ৰুপে।
ফলত তাজপুৰৰ সাগৰীয় বন্দৰ নিৰ্মাণৰ কাম এখোজ আগুৱাই গ’ল।কেবিনেটৰ বৈঠকৰ পিছত নগৰ পৰিক্ৰমা মন্ত্ৰী ফিৰহাদ হাকিমে বিধানসভাত কয় যে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক ‘লেটাৰ অৱ ইনটেণ্ট’ প্ৰদান কৰি আমন্ত্ৰণ জনাব '। তেওঁ লগতে কয় যে তাজপুৰৰ বন্দৰৰ বাবে নিবিদা আৰু ডি পি আৰ প্ৰক্ৰিয়া বহুদিন ধৰি চলি আছিল। তাত দুজনে অংশ লৈছিল। তাজপুৰ বন্দৰ নিৰ্মাণৰ বাবে আদানী গ্ৰুপে দিছে সৰ্বোচ্চ নিবিদা দিয়া কোম্পানী ।
১৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে কৰা এই বন্দৰৰ আন্তঃগাঁথনি উন্নয়নৰ কামত ৰাজ্য চৰকাৰে প্রাথমিকভাৱে সহায় কৰিব৷ ফিৰহাদে কয় যে বংগৰ প্ৰথমটো গভীৰ সাগৰীয় বন্দৰৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে আৰু ১০ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব। মুঠতে প্ৰায় ২৫ হাজাৰ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হ’ব এই নতুন বন্দৰ।
তেওঁ কয় যে এই বন্দৰটো তাজপুৰৰ পৰা পাঁচ কিলোমিটাৰ দূৰত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ জৰিয়তে ২৫ হাজাৰ লোকে প্ৰত্যক্ষভাৱে কৰ্মসংস্থাপন লাভ কৰিব। ৰাজ্য চৰকাৰে দাবী কৰিছে যে ঔদ্যোগিক চহৰ ডাংকুনী আৰু ৰঘুনাথপুৰৰ পৰা এই বন্দৰলৈ যাত্ৰা কৰাটো অতি সুবিধাজনক। ইয়াৰ বাহিৰেও এই বন্দৰৰ জৰিয়তে উত্তৰ বংগৰ সৈতে ব্যৱসায় কৰাটো সম্ভৱ হৈ পৰিব।চলিত বৰ্ষৰ বিশ্ব বংগ বাণিজ্য সন্মিলনত উদ্যোগপতি গৌতম আদানীয়ে তাজপুৰ বন্দৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।
তেতিয়াই ৰাজ্য চৰকাৰ নিশ্চিত হৈছিল যে আদানী গ্ৰুপে পশ্চিমবংগত প্ৰচুৰ পৰিমাণে বিনিয়োগ কৰিবলৈ গৈ আছে। সোমবাৰে অৱশেষত ইয়াৰ ওপৰত চৰকাৰী ছীল মোহৰ পৰে।
Comments