গুৱাহাটী,২০ ছেপ্টেম্বৰ:প্ৰায় সাত দশক ধৰি ভাৰতত এছিয়াটিক চিতা বিলুপ্ত হৈছিল। ১৯৪৭ চনত সৰগুজাৰ (বৰ্তমানৰ ছত্তীশগড় ৰাজ্যত অৱস্থিত) ৰামানুজা প্ৰসাদ সিংদেৱে কোৰিয়াৰ ছাল বনাঞ্চলত শেষৰ তিনিটা ভাৰতীয় চিতাক হত্যা কৰিছিল। ১৯৫২ চনত তদানীন্তন কেন্দ্ৰীয় চৰকাৰে চিতাক বিলুপ্ত বুলি ঘোষণা কৰিছিল।
১৭ ছেপ্টেম্বৰত আফ্ৰিকাৰ পৰা মধ্যপ্ৰদেশৰ কুনো পালপুল ৰাষ্ট্ৰীয় উদ্যানলৈ অনা চিতাৰ চোৱা-চিতা কৰিবলৈ চৰকাৰে কেইবাজনো শ্ৰমিকক নিযুক্তি দিছে। চিতাবোৰৰ চোৱা-চিতা কৰাৰ উপৰিও ইয়াৰ উপকাৰীতা-অসুবিধাসমূহৰ ওপৰত চকু ৰখাৰ উপৰিও স্থানীয় লোকসকলক চিতাবোৰৰ বিষয়ে সজাগ কৰাটোও এই ‘চিতা মিত্ৰ’ কৰ্মীসকলৰ কাম।
এই চিতা মিত্ৰসকলৰ ভিতৰত আছে ৰমেশ ছিকাৰৱাৰ নামৰ এজন ৭২ বছৰীয়া বৃদ্ধ। বিভিন্ন কাৰণত তেওঁ এতিয়া শিৰোনামত।কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত নিযুক্তি লাভ কৰা ৪৫৭ গৰাকী ‘চিতা মিত্ৰ’ৰ ভিতৰত ৰমেশৰ নামটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ।চৰকাৰে ৰমেশক আটাইতকৈ যোগ্য ‘চিতা মিত্ৰ’ হিচাপে বাছি লৈছিল। ৰমেশৰ মূল কাম হৈছে কুনো পালপুৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জনবসতিপূৰ্ণ অঞ্চলৰ লোকসকলক চিতা সম্পৰ্কে সজাগ কৰা।
মধ্যপ্ৰদেশৰ এটা কুখ্যাত ডকাইত গেঙৰ মুৰব্বী আছিল ৰমেশ। কেইবাবছৰ ধৰি বিভিন্ন অপৰাধৰ সৈতে জড়িত হৈ থকাৰ পিছত ১৯৮৪ চনত তেওঁ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডকাইট হৈ থকাৰ সময়ত তেওঁ এদিনতে ১৩ জন লোকক হত্যা কৰা বুলি কোৱা হয়।আৰক্ষীৰ সূত্ৰ অনুসৰি ৰমেশৰ হাতত ৯১টা অপহৰণ আৰু হত্যাৰ গোচৰ আছিল।
এই নতুন চাকৰিৰ সন্দৰ্ভত ৰমেশে কয়, “মই মোৰ জীৱনত এই চিতাবোৰৰ একো হ’বলৈ নিদিওঁ। 'চিতা মিত্ৰ' হিচাপে নিযুক্তি পোৱাৰ বাবে মই কৃতজ্ঞ। ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে-পাশে বহু পৰিয়াল বাস কৰে। তদুপৰি এই অঞ্চলসমূহত চোৰাং চিকাৰৰো অধিক প্ৰচলন হৈছে। ইয়াৰ পূৰ্বে দুষ্কৃতিকাৰীয়ে বন বিভাগৰ এজন ডেপুটি ৰেঞ্জাৰক হত্যা কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল।”
Comments