গুৱাহাটী, ২০ ছেপ্টেম্বৰঃটেট শিক্ষক ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন।ভিক্টৰ দাসক তাৎক্ষণিকভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ সিদ্ধান্ত শিক্ষা বিভাগৰ৷জিলা প্রাথমিক শিক্ষা বিষয়াই নিলম্বন কৰিলে ভিক্টৰ দাসক।প্ৰধান শিক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত সিদ্ধান্ত বিভাগৰ৷
ভিক্টৰ দাসে ২০২১ চনৰ পৰা কমলপুৰৰ পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে চাকৰি কৰি আছিল৷এই বিদ্যালয়ত যোগ দিয়াৰ পূৰ্বে তেওঁ মালিগাঁৱৰ আন এখন বিদ্যালয়ত কৰ্মৰত আছিল৷আনহাতে চৰকাৰী চাকৰিয়াল হৈয়ো ভিক্টৰ দাসে ক’চিং চেণ্টাৰ চলাই থকা বিষয়টো আৰক্ষীৰ তদন্তৰ আওতালৈ আহিছিল৷
উল্লেখ্য যে,অসম চৰকাৰৰ নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত অভিযোগ উত্থাপন কৰাৰ অপৰাধত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস।চৰকাৰী চাকৰিৰৰ নামত চলা দালালৰাজৰ বিষয়ে ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰিছিল।দুদিন পূর্বে ভিক্টৰ দাসে অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল।
Comments