গুৱাহাটী,২০ ছেপ্টেম্বৰ:ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । আৰক্ষীৰ জিম্মাত থকাৰ বাবেই ভিক্টৰ দাসক নিলম্বন কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীয়ে কয় যে 1994 Assam Service discipline act ৰ অধীনত থকা দফা 6(1)(2) মতে যিকোনো ব্যক্তি ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকিলে তেওঁক নিলম্বন কৰা হয় বা নিলম্বিত হোৱা বুলি ধৰা হয় । সেয়েহে ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থকাৰ পিছতেই তেওঁক ১৩ ছেপ্টেম্বৰত জাননী দিয়া হৈছিল । ক’চিং অথবা টিউচন কৰাৰ বাবে ভিক্টৰ দাসক নিলম্বন কৰা হোৱা নাই বুলি উল্লেখ কৰিলে মন্ত্ৰীগৰাকীৰ ।
উল্লেখ্য যে, পূব পানীটেমা ৰাধাকৃষ্ণ যুগল মিলন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাবে কৰ্মৰত হৈ আছিল ভিক্টৰ দাস । তৃতীয়-চতুৰ্থবৰ্গৰ নিযুক্তিৰ প্ৰক্ৰিয়াত ধনৰ লেন-দেন হোৱা বুলি টুইটাৰত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস ।
Comments