গুৱাহাটী, ২০ ছেপ্টেম্বৰ:অসমৰ এটা মাওবাদী গোচৰৰ সৈতে জড়িত এজন লোকক পশ্চিম বংগত গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (নিয়া)ই ।গুৱাহাটীৰ এগৰাকী NIA ৰ মুখপাত্ৰই জনোৱা মতে, সোমবাৰে পশ্চিমবংগৰ কল্যাণী এক্সপ্ৰেছৱেৰ সমীপৰ মহিস্পতা অঞ্চলত সম্ৰাট চক্ৰৱৰ্তী ওৰফে নীলকমল শিকদাৰ নামৰ কৰ্মীজনক গ্ৰেপ্তাৰ কৰা হয়। অসমত মাওবাদী ইউনিট স্থাপনৰ সন্দৰ্ভত এটা গোচৰত তেওঁক বিচাৰি আছিল সংস্থাটোৱে।
তদন্তকাৰী সংস্থাটোৰ মতে, চক্ৰৱৰ্তী বংগৰ হাওৰা জিলাৰ পৰা অহা প্ৰবীণ মাওবাদী নেতা অৰুণ কুমাৰ ভট্টাচাৰ্জী ওৰফে জ্যোতিষ ওৰফে কবীৰ ওৰফে কাঞ্চন দা নামৰ এজন কেন্দ্ৰীয় সমিতিৰ সদস্য আৰু চিপিআই(মাওবাদী)ৰ মতাদৰ্শবাদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল।ভট্টাচাৰ্জীয়ে অসম তথা উত্তৰ-পূবত মাওবাদীৰ ঘাটি সম্প্ৰসাৰণৰ বাবে কাম কৰি থকা বুলি ধাৰণা কৰা হৈছিল। কেইমাহমান পূৰ্বে অসমৰ কাছাৰ জিলাত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।
চক্ৰৱৰ্তী চি পি আই (মাওবাদী)ৰ শীৰ্ষ স্তৰ আৰু অৰুণ ভট্টাচাৰ্জীৰ মাজৰ লিংকমেন বুলি দাবী কৰিছে এন আই এৰ মুখপাত্ৰই।মুখপাত্ৰগৰাকীয়ে আৰু কয় যে চক্ৰৱৰ্তীয়ে বিগত সময়ছোৱাত কেইবাবাৰো অসমৰ বিভিন্ন জিলা পৰিদৰ্শন কৰি ভট্টাচাৰ্জীক ৰাজ্যত নিষিদ্ধ গোটটোৰ পদাংক সম্প্ৰসাৰণৰ কামত সহায় কৰিছিল ।
Comments