Cartoon
View Older
তিনিচুকীয়া:২৪ ছেপ্টেম্বৰ: তিনিচুকীয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে৷ নিশা তিনিচুকীয়া চহৰৰ হোটেল প্ৰেচিডেণ্টত আৰক্ষীয়ে অভিযান চলায় বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে৷ তিনিচুকীয়া আৰক্ষীয়ে অভিযানত হোটেল প্ৰেচিডেণ্টৰ কোঠাৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছসহ গোলাঘাটৰ দুই সৰবৰহকাৰীকো আটক কৰে৷
আটকাধীন দুই সৰবৰহকাৰী জয় ৰবি দাস আৰু দিগন্ত বৰাক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷
মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া হেমন্ত বড়ো, বৰডুমছা আৰক্ষী থানাৰ অ’চি নিতু চাংমাই আৰু তিনিচুকীয়া সদৰ টি.এচ .আই ভাস্কৰৰাজ বৰুৱাৰ নেতৃত্বত এই অভিযান চলিছিল।
Comments