Cartoon
View Older
তিনিচুকীয়া: ২৩ ছেপ্টেম্বৰ: সম্প্ৰতি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে বহু ৰুচিবান পৰিচালক-প্ৰযোজক ৷ এনে এক বিবেচনাৰে এখন নতুন ছবিৰ নিৰ্মাণ হ'ব ধৰিছে অসমৰ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী ডিৰাক সীমান্ত আৰু অৰুণাচলৰ নামচাই জিলাত ৷
সম্পূৰ্ণ প্ৰকৃতিধৰ্মী আৰু সমাজ সংস্কাৰমূলক 'ধ্বংস' নামৰ মননশীল চলচ্চিত্ৰখনিয়ে অসমীয়া চলচ্চিত্ৰ জগতক এক সুকীয়া মাত্ৰা প্ৰদান কৰিব বুলি নিৰ্মাতাসকলে আশা প্ৰকাশ কৰিছে ৷ অৰুণাচলৰ টংকেশ্বৰ মৰাণ আৰু কাকপথাৰৰ জিতু মৰাণৰ উদ্যোগত নিৰ্মীয়মাণ ছবিখনত এটা চৰিত্ৰত অভিনয় কৰিছে বিশিষ্ট অভিনেতা, নেত্ৰকাইটি খ্যাত অৰুণ হাজৰিকাই।
নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা সুব্ৰত দেউৰী, কৃষ্ণকান্ত গগৈৰ লগতে বহু ন-পুৰণি ক'লা-কুশলীয়ে অভিনয় কৰিছে৷ দৃশ্য গ্রহণৰ সময়ত ৰাইজৰ ব্যাপক উছাহ পৰিলক্ষিত হয়।
Comments