নলবাৰী, ২৩ ছেপ্তেম্বৰঃ পবিত্ৰ শৰত ঋতুৰ মহালয়াৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দূৰ্গাৰ মৰতলৈ আগমন হোৱাৰ পিছতেই দেৱী দুৰ্গাৰ পূজা-আৰাধনাকলৈ ব্যস্ত হৈ পৰে প্ৰতিখন পূজা সমিতি।অহা ২৫ ছেপ্তেম্বৰৰ মহালয়া (কৃষ্ণ পক্ষ) ৰ পিছৰটো দিনৰে পৰা অৰ্থাৎ ২৬ ছেপ্তেম্বৰৰ শুক্লা প্ৰতিপদৰ পৰা দেৱীৰ নৱৰাত্ৰী পূজা আৰম্ভ হ’ব নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ প্ৰাচীন শৈৱ পীঠস্থান বিল্বেশ্বৰ দেৱালয়ত। ৰজাদিনীয়া পৰম্পৰাৰে প্ৰচলিত শাৰদীয় দুৰ্গোৎসৱকলৈ মহিমামণ্ডিত দেৱালয়খনত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে।
অহা ২৬ ছেপ্তেম্বৰৰ প্ৰতিপদ তিথিৰ দিনা শৈলপুত্ৰী পূজা-বন্দনাৰে দেৱালয়খনত আৰম্ভ হ’বলগীয়া পূজাৰ প্ৰতিদিনে দেৱীৰ ন টা ৰূপত পূজা-অৰ্চনা চলিব। আধ্যাত্মিকতাৰ পীঠস্থান এই শৈৱপীঠৰ দহদিনীয়া শাৰদীয় দুৰ্গোৎসৱখন সুন্দৰ ৰূপত পৰিচালনা কৰাৰ বাবে ৰাইজে যুৱ শক্তিক প্ৰাধান্য দিছে।সেই মৰ্মে সভাপতি সীমান্ত মেনা, সম্পাদক দিগন্ত শইকীয়াৰ নেতৃত্বত ইতিমধ্যে গঠন কৰি দিয়া ২৩ খনকৈ উপ সমিতিয়ে সামগ্ৰীকভাৱে পূজা সাফল্যমণ্ডিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।ইপিনে,পূজা উদযাপনৰ বাবে ৪০ লাখ টকাৰ বাজেট নিৰ্ধাৰন কৰাৰ কথা সদৰি কৰিছে সম্পাদক দিগন্ত শইকীয়াই।
ইপিনে, দেৱালয়খনৰ মহানৱমী পূজাত ৬০ টাৰো অধিক ম'হ বলি দিয়াৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তই আগবাঢ়ি অহাৰ কথাও সদৰি কৰে।জনসমূদ্ৰত পৰিণত হোৱা বিশেষকৈ মহানৱমী পূজাকলৈ যিদৰে পূজা কমিটি তৎপৰ হৈ পৰিছে, সেইদৰে নলবাৰী আৰক্ষী প্ৰশাসনও তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা মানে অসংখ্য হাঁহ, পাৰ, ছাগলী, ম'হ বলি।পূজা উপলক্ষে জিলা প্ৰশাসন আৰু আৰক্ষীয়ে শান্তি শৃংখলা বজাই ৰখাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
Comments