শিৱসাগৰ, ২৩ ছেপ্তেম্বৰ : শিৱসাগৰ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আজি অসম বিধান সভাৰ নিয়োগ পৰ্যালোচনা সমিতিৰ সভাখন সম্পন্ন হৈ যায় । সভাত সভাপতিত্ব কৰে নিয়োগ পৰ্য্যালোচনা সমিতিৰ সভাপতি তথা বিধায়ক লৰেন্স ইছলাৰীয়ে ।অত্যহাতেদি আজিৰ এই পৰ্য্যালোচনা সভাত অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বিধায়ক সকল ক্ৰমে দিগন্ত বৰ্মণ, ৰফিকুল ইছলাম আৰু ৰূপক শৰ্মাইও নিয়োগ পৰ্য্যালোচনাৰ বৈঠকত ভাগ লয় ।
সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে আদৰণি ভাষণ আগবঢ়োৱাৰ বিপৰীয়ে শিৱসাগৰ জিলাৰ নিয়োগ বিনিময় কেন্দ্ৰ, দক্ষতা উন্নয়ন, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, গড়গাওঁস্থিত উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু গ্ৰামীন স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠান (RSETI) আদি বিভাগ সমূহৰ নিয়োগ সম্পৰ্কীয় বৰ্তমান চলি থকা আঁচনি সমূহৰ তথ্য সমিতিৰ আগত দাখিল কৰা হয় ।
সভাত সমিতিৰ সভাপতি লৰেন্স ইছলাৰীয়ে উপস্থিত সকলোকে নিবনুৱা সমস্যা সমাধানৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাবৰ বাবে আহ্বান জনায় । তাৰোপৰি বিধায়ক গৰাকীয়ে নিয়োগ সৃষ্টি কৰিব পৰাকৈ এক নতুন নিয়োগ নীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু নিয়োগৰ ক্ষেত্ৰখনত স্থানীয় যুৱক-যুৱতী সকলে অগ্ৰাধিকাৰ পাব লাগে বুলি মন্তব্য কৰে ।
এই নিয়োগ পৰ্য্যালোচনা সভাত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত সকল আৰু অসম বিধান সভাৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ।
Comments