যোৰহাট, ২৩ ছেপ্টেম্বৰ: সৰ্থেবাৰীত নিৰ্মিত কাঁহ-পিতলৰ বাচন-বৰ্তন সমগ্ৰ দেশতে জনাজাত। সেই কথা এতিয়া নতুনকৈ উল্লেখ কৰাৰ প্ৰয়োজন নাই। কিন্তু এটা কথা বহুতেই নেজানে যে যোৰহাটতো আছে এনে এক ঠাই যাক উজনি অসমৰ সৰ্থেবাৰী বুলি জনা যায়। নগৰখনৰ জে বি ৰ'ডৰ এক বিস্তীৰ্ণ অঞ্চলত সৰ্থেবাৰীৰ পৰা আহি একাংশ কাঁহ- পিতলৰ শিল্পীয়ে বসতি স্থাপন কৰিছিল আৰু কিছু দিন আগলৈকে এওঁলোকে সমগ্ৰ উজনি অসমৰে চাহিদা পূৰণ কৰিছিল।
এওঁলোকে নিৰ্মাণ কৰা কাঁহ পিতলৰ বাচন অতিশয় জনপ্ৰিয় হোৱাৰ লগতে উজনিৰ কেউখন জিলাত এইবোৰৰ চাহিদা ইমানেই বেছি আছিল যে এওঁলোকৰ বাচন-বৰ্তন বিক্ৰী কৰিবৰ বাবে যোৰহাটকে ধৰি কেইবাখনো জিলাত ৰাজ্য চৰকাৰে সমবায় ভিত্তিত বিক্ৰী কেন্দ্ৰ খুলি দিছিল।
অতিশয় পৰিতাপৰ কথা এয়ে যে- উজনিৰ এই সৰ্থেবাৰী এতিয়া নিস্তব্ধ। কাৰণ অৰ্ধ শতাধিক কাঁহ-পিতলৰ শিল্পী যোৰহাট এৰি গুচি গৈছে পুনৰ সৰ্থেবাৰীলৈ। ইন্ধন-কেঁচামালৰ অভাৱ আৰু চান্দা সংস্কৃতিৰ হেঁচাত তত হেৰুৱাই বন্ধ কৰি দিব লগা হ'ল উজনিৰ সৰ্থেবাৰীৰ কাম-কাজ। এতিয়া মাত্ৰ এজন শিল্পীয়ে যোৰহাটতে থাকি পৰম্পৰাটো ধৰি ৰাখিছে।
Comments