গুৱাহাটী,২৫ ছেপ্টেম্বৰ:শনিবাৰে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ সদগুৰু জগদীশ বাসুদেৱ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০২২-২৩ বৰ্ষৰ বাবে মুকলি কৰিলে ৰাষ্ট্ৰীয় উদ্যানখন । শনিবাৰে কাজিৰঙাৰ বৰগছ ৰিজ’ৰ্টত অনুষ্ঠিত হৈ থকা চিন্তন শিৱিৰত সদগুৰু জগদীশ বাসুদেৱৰ প্ৰবচনৰ পাছতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মিহিমুখ গেটত স্থাপন কৰা এশিঙীয়া গঁড়ৰ প্ৰতিকৃতি উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰু জগদীশ বাসুদেৱে ।
একেটা অনুষ্ঠানতে ২০২২-২৩ বৰ্ষৰ পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰে দুয়োগৰাকীয়ে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰাৰ পাছতেই জীপ চাফাৰী কৰি ৰাষ্ট্ৰীয় উদ্যানখন পৰিভ্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মা আৰু সদগুৰুৱে । জীপ ছাফাৰীৰ সময়ত জীপ চালকৰ ৰূপত দেখা যায় সদগুৰু জগদীশ বাসুদেৱক আৰু সংগ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
Comments