Cartoon
View Older
গুৱাহাটী,২২ ছেপ্টেম্বৰ:ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আজি ছয় জনগোষ্ঠীয় ঐক্যমঞ্চই গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে। দিছপুৰ ঘেৰাও কাৰ্যসূচীৰে ঐক্যমঞ্চৰ বহু সংখ্যক লোক জনতা ভৱনৰ সন্মূখত উপস্থিত হয় যদিও আৰক্ষীয়ে আগবাঢ়ি যোৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰীসকলে দিছপুৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি জনজাতিকৰণৰ দাবী উত্থাপন কৰে ।
ইফালে জনতা ভৱনৰ সন্মূখত প্ৰতিবাদকাৰীসকলক ৰুধিবলৈ বিশাল আৰক্ষী বাহিনী মোতায়েন কৰাৰ লগতে বেৰিকেইড দিয়া হয় । কিন্তু আৰক্ষীৰ সেই প্ৰাচীৰ ভাঙি প্ৰতিবাদকাৰীসকল আগুৱাই যাব বিচাৰে যদিও আৰক্ষীয়ে বাধা প্ৰদান কৰে ।
Comments