Cartoon
View Older
গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ তিব্বতৰ ওপৰত চীনে প্ৰায়ে অত্যাচাৰ চলাই আহিছে আৰু এইবোৰ কেতিয়াও কাৰো পৰা লুকাই থকা নাই। ঠিক তেনেদৰে, চীনে শেহতীয়াকৈ তিব্বতৰ নাগৰিকক লৈ আন এক ভয়ানক পৰিকল্পনা প্ৰস্তুত কৰি আছে।
বিশেষ সূত্ৰযোগে জানিব পোৱা অনুসৰি, চীনে তিব্বতৰ নাগৰিকসকলৰ ওপৰত বৃহৎ পৰিমাণৰ ডিএনএ পৰীক্ষা চলাই আছে, যাতে তেওঁলোকৰ জৈৱিক ডাটাবেচ হিচাপে অনুসৰণ কৰিবলৈ প্ৰস্তুত কৰিব পৰা যায়। হিউমেন ৰাইটচ ৱাটচৰ (Human Rights Watch) প্ৰতিবেদন অনুসৰি, চীনে তিব্বতৰ বহুতো গাঁৱত মানুহবোৰৰ ডিএনএ নমুনা লৈ এই ভয়ংকৰ পৰিকল্পনাক আগুৱাই লৈ গৈছে।
Comments