গুৱাহাটী, ২২ছেপ্টেম্বৰ:শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বিভিন্ন চৰকাৰী নিযুক্তিত কেলেংকাৰীৰ অভিযোগ উঠিছে । জলসম্পদ,জলসিঞ্চন, তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি লগতে লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীয়ে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন দল-সংগঠনে এই কেলেংকাৰীক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।
অন্ত পৰা নাই লখিমপুৰ মেডিকেল কলেজৰ নিযুক্তি কেলেংকাৰীৰ প্ৰতিবাদৰ । নিযুক্তি প্ৰসংগত প্ৰতিদিনেই বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বৃহস্পতিবাৰেও বীৰ লাচিত সেনাই কলেজখনৰ প্ৰবেশ দ্বাৰতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
বীৰ লাচিত সেনাৰ প্ৰতিবাদত পুনৰ উত্তাল হৈছে লখিমপুৰ মেডিকেল কলেজৰ চৌহদ। লখিমপুৰ মেডিকেল কলেজৰ তৃতীয় আৰু চতুর্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগত বিভিন্ন সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সমানে বৃহস্পতিবাৰে বীৰ লাচিত সেনাই মুখ্যমন্ত্রী, স্বাস্থ্য মন্ত্রী আৰু বিধায়ক মানৱ ডেকাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
Comments