গুৱাহাটী, ২২ ছেপ্টেম্বৰঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে বৃহস্পতিবাৰে ৰাজহুৱা ক্ষেত্ৰত আলোচনাৰ স্থান শক্তিশালী কৰাৰ আহ্বান জনায় । অন্যৰ প্ৰতি অসহিষ্ণুতাৰ দৃষ্টিভংগী মুক্ত চিন্তাৰে বিনিময় কৰাৰ বিপৰীতমুখী বুলি মত প্ৰকাশ কৰে।যোৱা মাহত দেশৰ চতুৰ্দশ উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰি প্ৰথমবাৰৰ বাবে গুৱাহাটী ভ্ৰমণলৈ যোৱা ধনখৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰজ্ঞা প্ৰভাই আয়োজন কৰা ‘লোকমন্থন’ৰ তৃতীয় সংস্কৰণ উদ্বোধন কৰি কয় যে, “ ভাৰতত বিতৰ্ক, আলোচনা আৰু জ্ঞান বিনিময়ৰ এক বৃহৎ ঐতিহ্য আছে। ৰাজহুৱা ক্ষেত্ৰত বিশেষকৈ বিধায়িনী দলসমূহত আলোচনাৰ মানদণ্ড উন্নত কৰিবলৈ অতীতৰ পৰা শিক্ষা ল’ব পাৰি । বিতৰ্কবোৰ টেলিভিছন বা ছ’চিয়েল মিডিয়াৰ ফাইটিং এৰিনালৈ ৰূপান্তৰিত হৈছে ।”
তেওঁ সংবাদ মাধ্যমক এই সম্পৰ্কত উদ্যোগ ল’বলৈ, আত্মনিৰীক্ষণ কৰিবলৈ আৰু প্ৰান্তীয় কণ্ঠক মূলসুঁতিলৈ আনিবলৈ দিবলৈ আহ্বান জনায় ।সুস্থ, মুকলি মনৰ আলোচনাৰ আহ্বান জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয়,“আমি শুনা কলাক পুনৰুজ্জীৱিত কৰিব লাগিব;আমি সংলাপৰ কলা পুনৰ আৱিষ্কাৰ কৰিব লাগিব।’উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক নীতি-নিয়মক উজ্জ্বল কৰি তোলাৰ বাবে ‘লোকমন্থন’ৰ আয়োজকসকলক শলাগ লয় জগদীপ ধনখৰে ।
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতীয় সমাজত বুদ্ধিজীৱীৰ ভূমিকাক আলোকপাত কৰি ঋষিসকলে নীতিৰ বিষয়ত ৰজাসকলক ঐতিহাসিকভাৱে কিদৰে পৰামৰ্শ দিছিল আৰু সমাজত সম্প্ৰীতি আৰু স্থিতিশীলতা নিশ্চিত কৰিছিল সেই বিষয়ে উল্লেখ কৰে।বুদ্ধিজীৱীসকলক প্ৰচলিত বিষয়সমূহৰ ওপৰত কথা ক’বলৈ আহ্বান জনাই তেওঁ কয় যে “যদি আমাৰ বুদ্ধিজীৱীসকলে বৰ্তমান সময়ত মৌনতা বাছি লোৱাৰ সিদ্ধান্ত লয়, তেন্তে সমাজৰ অতি গুৰুত্বপূৰ্ণ অংশটো চিৰদিনৰ বাবে নীৰৱ হৈ থকাটো নিশ্চিত। তেওঁলোকে মুক্তভাৱে সংলাপ আৰু বিবেচনাৰ অভ্যাস কৰিব লাগিব যাতে সমাজৰ নৈতিকতা আৰু যথাযথতা ৰক্ষা পৰে”।
Comments