বঙাইগাঁও , ২২ ছেপ্টেম্বৰ: ভাৰতীয় তেল নিগমৰ অধীনৰ বঙাইগাঁও শোধনাগাৰে আজি একাদশ বিশ্ব গঁড় দিৱসৰ আয়োজন কৰে ৷ এই উপলক্ষে বঙাইগাঁও জিলাৰ বৰ্ষণগাঁঁও চিলাৰায় ষ্টেডিয়ামত গঁড় সজাগতাৰ লক্ষ্যৰে আজি আবেলি চিৰাং জিলা ফুটবল একাদশ আৰু বঙাইগাঁও জিলা ফুটবল একাদশৰ মাজত এক প্ৰীতি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰে | তীব্ৰ প্ৰতিযোগিতা মুলক খেল খনৰ দ্বিতীয়াৰ্ধত একমাত্ৰ দিয়া গলৰে বঙাইগাঁও জিলা একাদশ দলে বিজয়ীৰ খিতাপ অৰ্জন কৰে ৷ বিজয়ী দলৰ হৈ ৪০ মিনিটত একমাত্ৰ দলটো দিয়ে ১১ নম্বৰ জাৰ্চি অনুপম শ্বেখে |
খেলৰ অন্তত বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠক, বঙাইগাঁও শোধনাগাৰৰ মুখ্য মহাপ্ৰৱন্ধক নয়ন কুমাৰ বৰুৱা সহিতে অতিথি সকলে বিজয়ী দলক ট্ৰফী সহ চল্লিশ হেজাৰ টকাৰ চেক, বিজিত দলক ত্ৰিশ হেজাৰ টকা সহ ট্ৰফী, খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বিজিত দলৰ গলৰীপাৰ উদয় বসুমতাৰীক ট্ৰফী সহ চাৰি হেজাৰ টকাৰ চেক লগতে শ্ৰেষ্ঠ গলদাতা হিচাপে বিজয়ী দলৰ কেপ্তেইন অনুপম শ্বখক ট্ৰফী সহ চাৰি হেজাৰ টকাৰ চেক প্ৰদান কৰে |
প্ৰতিযোগিতা মুলক প্ৰীতি ফুটবল খেলখন বহু লোকে উপভোগ কৰে ৷
ইপিনে বিশ্ব গঁড় দিৱস উপলক্ষ্য বঙাইগাঁও জিলা উপায়ুক্ত গৰাকীয়ে গঁড় দিৱসৰ তাৎপৰ্য, গঁড় সংৰক্ষণ আদি বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে ৷
Comments