লখিমপুৰ, ২২ ছেপ্টেম্বৰ: অহা ৩০ ছেপ্টেম্বৰত অসমৰ ছবিগৃহত মুক্তি লাভ কৰি ব্ৰিজ নামৰ অসমীয়া কথাছবি খনে৷ ইতিমধ্যে এই ছবিখনে দেশ বিদেশৰ বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ পিছত সমালোচক সকলৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ আমাৰ এই প্ৰথম ছবিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাব বুলি ভৱা নাছিলো৷ নতুন এটা দলক লগত লৈ সপোনৰ বাটত খোজ দিছিলো আমি৷ আমাৰ চিনেমাখনত অভিনয় কৰা কেৱল দুজন অভিনেতাৰ বাহিৰে বাকী সকলো নতুন অভিনেতা অভিনেত্ৰী৷ এই মন্তব্য আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত [আই এফ এফ আই] বঁটা লাভ কৰা ছবি ‘ব্ৰিজ’ৰ পৰিচালক কৃপাল কলিতাৰ৷
নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি সন্ধিয়া অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰি নবীন পৰিচালকজনে চিনেমাখনৰ সন্দৰ্ভত আৰু বহু কথাই অৱগত কৰে৷ বানপানীয়েই ছবিখনৰ মূল চৰিত্ৰ বুলি উল্লেখ কৰি বানত নাইকিয়া হোৱা এখন দলঙক লৈ আৰু কান্ধত নাঙল লৈ এগৰাকী যুৱতীয়েই ছবিৰ মূল কাহিনী বুলি উল্লেখ কৰে৷ অসমৰ বানপানী ৰাষ্ট্ৰীয় সমস্যা হ’ব লাগে বুলি তেওঁ সজোৰে সকলোতে দাবী জনাই অহা বুলি উল্লেখ কৰাৰ লগতে নতুন চিনেমাখনত শব্দৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে বুলি কয়৷
অসমৰ মানুহৰ হৃদয়ৰ চিনেমা ‘ব্ৰিজ’ বুলি উল্লেখ কৰি এই চিনেমাখন পৰিয়ালৰ সকলোৱে একেলগে বহি উপভোগ কৰিব পাৰিব বুলি তেওঁ কয়৷ এই চিনেমাখনত অসমৰ গাঁও, পৰ্বত, পাহাৰ, ভৈয়াম আদিৰ মনোমোহা দৃশ্যগ্ৰহণে দেশ-বিদেশৰ বিভিন্ন লোক আৰ্কষিত কৰাৰ চেষ্টা কৰা হৈছে বুলি পৰিচালকে সদিৰ কৰে৷ উল্লেখ্য যে অহা ৩০ ছেপ্টেম্বৰত ছবিগৃহত মুক্তিপাব লগা এই চিনেমাখনে ২০২০ চনত ৫১ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভ কৰাৰ লগতে ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিবলৈ সক্ষম হয়৷
Comments