তিনিচুকীয়া: ২২ ছেপ্তেম্বৰ : তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা,২০৪১ সন্দৰ্ভত বিশদ আলোচনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা-(নগৰ) হিতাধিকাৰীৰ মাজত সজাগতাৰ বাবে এখন ৰাজহুৱা সভা আজি তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত সম্পন্ন হয়। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰত চৰকাৰৰ প্ৰাকৃতিক গেছ, পেট্ৰলিয়াম, শ্ৰম ও নিয়োগ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশান।
উল্লেখযোগ্য যে, অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা বিভাগৰ নির্দেশনাত আৰু সঞ্চালকৰ কাৰ্য্যালয়, নগৰ ও গাওঁ পৰিকল্পনা, দিছপুৰ, অসমৰ সহযোগিতাত, নগৰ ও গাওঁ পৰিকল্পনা, ডিব্ৰুগড় কাৰ্য্যালয়ে তিনিচুকীয়া নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ গ্ৰাম্য এলেকা সামৰি প্রায় ১৩০.৬৫ বর্গ কি.মি. (130.65 Sq.Km.) মাটি কালি সাঙুৰি তিনিচুকীয়া সর্বাঙ্গীন পৰিকল্পনাৰ (Master Plan) খচৰা প্ৰস্তুত কৰিছে ।
বৰ্তমানৰ জনসংখ্যা বৃদ্ধি, গোলকীয় উষ্ণতা বৃদ্ধি আৰু নগৰীকৰণৰ বিভিন্ন ধাৰাৰ প্ৰতি লক্ষ্য ৰাখি এই তিনিচুকীয়া সর্বাঙ্গীন পৰিকল্পনা-২০৪১ প্ৰস্তুত কৰা হৈছে।
ৰাইজে এই সর্বাঙ্গীন পৰিকল্পনা সন্দৰ্ভত নিজৰ মতামত লিখিতভাবেও জমা দিব পাৰিব। উক্ত সভাতেই নগৰ ও গাওঁ পৰিকল্পনা, ডিব্ৰুগড় কাৰ্য্যালয়ৰ উপ সঞ্চালক বিশ্বজিৎ ভূঞাই তিনিচুকীয়া সর্বাঙ্গীন পৰিকল্পনা (Master Plan) সন্দৰ্ভত এক পাৱাৰপইণ্ট উপস্থাপন কৰে।
উপায়ুক্ত নৰসিং পৱাৰে এখন নগৰ বা চহৰৰ উন্নয়নৰ বাবে এক সুপৰিকল্পনা অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য আগবঢ়ায়। তিনিচুকীয়া সৰ্ব্বাঙ্গীন পৰিকল্পনা ২০৪১ সন্দৰ্ভত ৰাইজৰ কিবা পৰামৰ্শ তথা অভিযোগ থাকিলে লিখিতভাবে জনাবলৈ কয়। সভাত অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যান দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিশানে তিনিচুকীয়া নগৰখনৰ উন্নয়নৰ বাবে এই মাষ্টৰ প্লেন তৈয়াৰ কৰা হৈছে বুলি উল্লেখ কৰি নগৰবাসীয়ে সততে সন্মোক্ষীন হোৱা সমস্যাৰ সমাধানৰ বাবে নগখনৰ এক সুপৰিকল্পনা অতিকৈ প্ৰয়োজন বুলি কয়।
সভাত জিলা উন্নয়ন আয়ুক্ত নয়নজ্যোতি ভাগৱতী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মুনিন্দ্ৰ বৰদলৈ, অতিৰিক্ত উপায়ুক্ত চৰফ্ৰাজ হক, জিলা পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ কৈৰী, তিনিচুকীয়া পৌৰসভাৰ সভাপতি জয়ন্ত বৰুৱা, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই প্ৰমুখ্যে জিলাখনৰ অন্যান্য স্থানীয় ব্যক্তিসকল উপস্থিত থাকে।
Comments