গুৱাহাটী, ২৩ ছেপ্টেম্বৰঃ অনলাইন খাদ্য বিতৰণৰ বহুতো আকৰ্ষণীয় ঘটনা প্ৰায়ে ঘটি থাকে। ইয়াৰ কিছুমান ঘটনা বহুবাৰ আলোচনাৰ বিষয় হয় পৰে। শেহতীয়াকৈ জৰ্জিয়া ষ্টেট অফ আমেৰিকাৰ পৰা এক অতি বেলেগ ধৰণৰ ঘটনা পোহৰলৈ আহিছে য'ত এগৰাকী মহিলাৰ অনলাইনত অৰ্ডাৰ দিয়া খাদ্যৰ সলনি ধন লাভ কৰিছে। মহিলাগৰাকীয়ে তাকে দেখি আচৰিত হৈ পৰিছে।
মূল, ঘটনা অনুসৰি, এগৰাকী মহিলাই খাদ্য কোম্পানী কেএফচিৰ পৰা এটা চিকেন চেণ্ডউইচ অৰ্ডাৰ দিছিল। মহিলাগৰাকীয়ে অপেক্ষা কৰি আছিল যে তেওঁৰ খাদ্য কেতিয়া আহি পাব আৰু তেওঁ জুতি লগাই খাব। যেতিয়া মহিলাগৰাকীৰ খাদ্য আহি পালে তেতিয়া তেওঁ খাদ্যৰ টোপোলা দেখি আচৰিত হৈ পৰে যে কিয়নো খাদ্যৰ পেকেটৰ পৰা নোটৰ বাণ্ডল ওলাই আহিছিল, য'ত ভাৰতীয় হিচাপত প্ৰায় ৪৩ হাজাৰ টকা আছিল।
দৰাচলতে, উক্ত ঘটনাটো মেনেজাৰৰ ভুলৰ বাবে হৈছিল, কিয়নো মেনেজাৰে জমা থকা ধনখিনি এটা পেকেটত সোমোৱাই ৰাখিছিল। ইপিনে, মহিলাগৰাকীও পিছত সততা দেখুৱাই কোম্পানীটোক ফোন কৰি ঘটনা সন্দৰ্ভত সকলো কথা প্ৰকাশ কৰিছিল। মেনেজাৰজন মহিলাগৰাকীৰ সততাৰ বাবে বহুত সুখী হৈ পৰিছিল আৰু কৰ্মচাৰীসকলেও মহিলাগৰাকীৰ সততাত অতি সুখী হৈছিল।
মেনেজাৰে মহিলাগৰাকীক ধন্যবাদ জনাই কৈছিল, "আপুনি ফোন নকৰা হ'লে মই চাকৰি হেৰুৱালো হয়।" আনহাতে, মহিলাগৰাকীয়ে উক্ত ঘটনা সন্দৰ্ভত কৈছে যে, "মই এটা চিকেন চেণ্ডউইচ অৰ্ডাৰ দিছিলো, কিন্তু ডেলিভাৰীৰ সময়ত মই খাদ্যৰ টোপোলাত ধন পাইছিলো। মই বৰ্তমান ঋণত পোঁত গৈ আছো, ইচ্ছা কৰিলে মই ধনখিনি ধাৰ মাৰিব পাৰিলেহেঁতেন কিন্তু মই তেনে নকৰিলো।"
Comments