গুৱাহাটী,২৫ ছেপ্টেম্বৰ:ৰাষ্ট্ৰসংঘৰ মঞ্চত কাশ্মীৰৰ সমস্যা লৈ পুনৰ ঘূৰি আহিল পাকিস্তান । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দিয়া ভাষণত কয় যে ভাৰতৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাটো সমাধান কৰিব লাগে। সাৱালৰ লগতে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ কথাও কয় শ্বৰীফে । তেওঁ কয় যে ২০১৯ চনৰ আগষ্ট মাহৰ অবৈধ ঘোষণা ভাৰতে প্ৰত্যাহাৰ কৰি শান্তি আৰু আলোচনাৰ পথলৈ ঘূৰি আহিব লাগে। লগতে তেওঁ অভিযোগ কৰে যে নতুন দিল্লীয়ে কাশ্মীৰ উপত্যকাৰ জনগাঁথনি সলনি কৰাৰ পৰিকল্পনা কৰিছে।
পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে শ্বৰীফৰ পূর্ববর্তী ইমৰাণ খানে বিগত সময়ত কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ বাবে ভাৰতক সমালোচনা কৰি আহিছে৷ অৱশ্যে এই ক্ষেত্ৰত দিল্লী নিজৰ স্থিতি অটল। ইতিমধ্যে কোৱা হৈছে যে কাশ্মীৰ ভাৰতৰ এক অবিচ্ছেদ্য অংগ আৰু পাকিস্তানে ইয়াক স্পৰ্শ কৰিব নালাগে। ইয়াৰ পিছতো কিন্তু ইছলামবাদে হাৰ মানিবলৈ অস্বীকাৰ কৰে। দ্বিপাক্ষিক আলোচনাৰ কথা কোৱাৰ পাছতো প্ৰতিবাৰেই পাকে আন্তঃৰাষ্ট্ৰীয় মঞ্চ ব্যৱহাৰ কৰি ভাৰতক দোষাৰোপ কৰিবলৈ চেষ্টা কৰিছিল। শ্বাহবাজেও একে ধাৰা বজাই ৰাখিছিল।
Comments