গুৱাহাটী,২৫ ছেপ্টেম্বৰ: মধুমেহ ৰোগীসকলৰ প্ৰায়ে তেওঁলোকৰ খাদ্য আৰু পানীয়ৰ সৈতে সম্পৰ্কিত বহুতো অভ্যাস নিয়ন্ত্ৰণ কৰিব লগা হয়। তেওঁলোকে যিকোনো খোৱা আৰু সেৱন কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লগা হয়। আনহাতে, মধুমেহ ৰোগীৰসকলৰ মনত অহা এটা সচৰাচৰ প্ৰশ্ন হ'ল যে, মধুমেহত নেমু কিমান উপকাৰী? নেমুত ভিটামিন চি, আঁহ, পটাছিয়াম আৰু বহুতো পুষ্টি থাকে। এই সকলোবোৰ উপাদানে মধুমেহ ৰোগীৰ বাবে বিভিন্ন ধৰণে কাম কৰে। ইয়াৰ লগতে, মধুমেহ ৰোগীৰ ক্ষেত্ৰত নেমু খোৱাটো বহু ক্ষেত্রত উপকাৰী।
• মধুমেহত নেমুৰ লাভালাভঃ
১. নেমুত আঁহ থাকে
নেমুত ২.৪ গ্ৰাম আঁহ থাকে, যি মধুমেহ ৰোগীৰ হৃদৰোগৰ বৰ্ধিত বিপদাশংকা প্ৰতিহত কৰাত কাৰ্যকৰী। নেমুত থকা আঁহে গ্লাইচেমিক নিয়ন্ত্ৰণ আৰু ইনচুলিন উন্নত কৰে। লগতে ট্ৰাইগ্লিচাৰাইডৰ স্তৰ হ্ৰাস কৰিব পাৰে আৰু ওজন দ্ৰুতগতিত হ্ৰাস কৰাত সহায় কৰে। সেয়েহে মধুমেহ ৰোগীৰ বাবে অতি নেমু উপকাৰী।
নেমু হৈছে নিম্ন গ্লাইচেমিক সূচক থকা খাদ্য। প্ৰকৃততে, ইয়াৰ ভিটামিন চি-য়ে শৰ্কৰাক শোষণত সহায় কৰে। ইয়াৰ কিছুমান চাইট্ৰাছ ফ্লেভোনইড উপাদানে শৰ্কৰাক হজম কৰাত সহায় কৰে। ই অন্ত্ৰত শৰ্কৰা শোষণ কৰা হ্ৰাস কৰিব পাৰে। ইয়াৰ ফলত, মানুহৰ তেজত শৰ্কৰা পোনপটীয়াকৈ শোষিত নহয়, যাৰ ফলত শৰ্কৰা বৃদ্ধি নহয়। একে সময়তে, নেমু হৈছে নিম্ন গ্লাইচেমিক সূচক থকা এক খাদ্য যি মধুমেহ বৃদ্ধি হোৱা প্ৰতিহত কৰে। সেয়েহে, মধুমেহ ৰোগীয়ে ইয়াক সদায়ে খাব পাৰে।
২. নেমুত থকা পটাছিয়াম
নেমুত যথেষ্ট পৰিমাণৰ পটাছিয়াম থাকে, যি হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অত্যাৱশ্যকীয়। পটাছিয়ামে মানুহৰৰ ৰক্তচাপ হ্ৰাস কৰিব পাৰে আৰু ষ্ট্ৰ'ক আৰু হৃদৰোগৰ আশংকাৰ পৰা দূৰত ৰাখে। নেমুৰ ফলত হৃদযন্ত্রৰ স্বাস্থ্য উন্নত হয়। ই কেলচিয়াম জমা হোৱাৰ ফলত ধমনীৰ অৱৰোধ হ্ৰাস কৰে।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments