গুৱাহাটী,২৬ ছেপ্টেম্বৰ:ৰাজস্থানত নতুন মুখ্যমন্ত্রীৰ নামক লৈ দলত হোৱা কাজিয়াৰ পাছত কংগ্রেছ হাইকমাণ্ডে এটা সূত্রত সহমত হ’বলৈ কাম কৰি আছে৷ এই সূত্ৰ অনুসৰি শচীন পাইলটক মুখ্যমন্ত্ৰী বনাব লাগে আৰু বাকী সকলো মন্ত্ৰী হ’ব লাগে গেহলট শিবিৰৰ পৰা । ৰাজস্থানত চৰকাৰ চলোৱাৰ বাবে গেহলট-পাইলট শিবিৰৰ ভাৰসাম্য ৰক্ষাৰ বাবে সমন্বয় সমিতি গঠনৰ চিন্তা চৰ্চাও কৰি থকা হৈছে ।
ইয়াৰ মাজতে কংগ্ৰেছৰ ৰাজ্যিক ইউনিটৰ সভাপতি গোবিন্দ সিং দোতাছাৰাই বিধায়কসকলক সাক্ষাৎ কৰে। এই বৈঠকত দোতাছাৰাই বিধায়কসকলক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যে দলীয় ইউনিটে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনিয়া গান্ধীক ৰাজ্যৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত ল’বলৈ কৰ্তৃত্ব প্ৰদান কৰিছে বুলি প্ৰস্তাৱ গৃহীত কৰিব লাগে । অৱশ্যে বিধায়কসকলে তেওঁৰ কথা নুশুনিলে।গোবিন্দ সিং দোতাছাৰাই বিধায়কসকলক বুজাবলৈ গৈ এই প্ৰস্তাৱ গৃহীত কৰিবলৈ কৈছিল, কিন্তু বিধায়কসকলে সেয়া অস্বীকাৰ কৰিছিল।
Comments