গুৱাহাটী,২৬ ছেপ্টেম্বৰ: আজি অৰ্থাৎ সোমবাৰে কাজিৰঙাত অনুষ্ঠিত হ’ব চিন্তন বৈঠকৰ তৃতীয় তথা অন্তিমটো দিনৰ কাৰ্যসূচী ৷ যোগাসনৰ পৰা আৰম্ভ হোৱা অন্তিম দিনৰ প্ৰথম কাৰ্যসূচীত উপস্থিত থাকিল বহুকেইগৰাকী মন্ত্ৰী ৷অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে থাকিল মন্ত্ৰী যোগেন মহন,পৰিমল শুক্লবৈদ্যকে ধৰি কেবাগৰাকীও বিশেষ ব্যক্তি ৷ উল্লেখ্য যে, বিগত ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল এই চিন্তন বৈঠক ৷
অসমক সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সু-পৰিকল্পিতভাৱে আগুৱাই নিয়াৰ উদ্দেশ্যে এই নৱ চিন্তা-চৰ্চাৰে অনুষ্ঠিত কৰা হৈছে এই বৈঠক ৷ তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত এই চিন্তন শিবিৰত উপস্থিত থাকে দেশৰ কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশৰ মুখ্য সচিব আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও ৰাজ্যৰ (অসম) বিভিন্ন বিভাগৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া বৰ্গ ।
Comments