গুৱাহাটী,২৭ ছেপ্টেম্বৰ:পাকিস্তানক নিজৰ এফ-১৬ যুঁজাৰু বিমানক আধুনিকীকৰণ কৰাত সহায় কৰাৰ সিদ্ধান্তক লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কৰা প্ৰতিবাদৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাই। জো বাইডেন প্ৰশাসনৰ বিদেশ বিভাগৰ মুখপাত্ৰ নেড প্ৰাইছে মঙলবাৰে কয় যে পাকিস্তান আৰু ভাৰতৰ সৈতে আমাৰ বিভিন্ন স্তৰৰ অংশীদাৰিত্ব আছে।''
ইছলামবাদক ৪৫ কোটি ডলাৰৰ সামৰিক পেকেজ দিয়াৰ সিদ্ধান্তক লৈ নতুন দিল্লীৰ উদ্বেগক কাৰ্যতঃ খাৰিজ কৰি নেডে কয় যে আমি দুয়োখন দেশকে অংশীদাৰ হিচাপে দেখিছো। আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু আমেৰিকাৰ সৈতে পাকিস্তানৰ সম্পৰ্ক পৃথক অংশীদাৰিত্ব আৰু অস্তিত্বৰ ওপৰত নিৰ্ভৰশীল।'ভাৰতৰ উদ্বেগক আওকাণ কৰি জো বাইডেন চৰকাৰে পাকিস্তানক এফ-১৬ যুঁজাৰু বিমান আধুনিকীকৰণৰ সঁজুলি দিয়াৰ সিদ্ধান্ত লৈছে। আমেৰিকাৰ মাটিত থিয় হৈ সেই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰিছিল জয়শংকৰে।
Comments