গুৱাহাটী,২৭ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । তেনে সংঘৰ্ষৰ মাজতে সোমবাৰে দক্ষিণ কাশ্মীৰৰ কুলগাম জিলাৰ ভেছ বাটপোৰা অঞ্চলত নিহত হয় এটা সন্ত্ৰাসবাদী । সন্ত্ৰাসবাদীটো পাকিস্তানৰ বাসিন্দা তথা জৈশ-ই-মহম্মদৰ সদস্য আবু হুৰাৰাহ বুলি চিনাক্ত কৰা হৈছে ।
কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে সন্ত্ৰাসবাদীটোৰ পৰা এটা AK চিৰিজৰ ৰাইফল, এটা পিষ্টল, গ্ৰেণেড আৰু অন্যান্য মাৰণাস্ত্ৰ উদ্ধাৰ কৰিছে । ইফালে সংঘৰ্ষৰ মাজতে দুগৰাকী সাধাৰণ নাগৰিক আৰু এজন বিষয়াও আঘাতপ্ৰাপ্ত হয় ।আৰক্ষীয়ে উল্লেখ কৰা মতে কুলগাম জিলাৰ ৱেলচবাটাপুৰা গাঁৱত এটা অচিনাক্ত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে আৰক্ষীয়ে নিৰ্দিষ্ট তথ্য লাভ কৰিছিল । লগে লগে ২৬ ছেপ্টেম্বৰৰ নিশা প্ৰায় ১:৪৫ বজাত জম্মু-কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফৰ সৈতে ভাৰতীয় সেনাৰ এটা দলে অঞ্চলটোত তালাচী অভিযান আৰম্ভ কৰে । তাৰ পাছতে এটা ঘৰত সন্ত্ৰাসবাদীটোৰ উপস্থিতিৰ সন্দেহ কৰি আৰক্ষীয়ে সাধাৰণ লোকসকলক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে ।
Comments