গুৱাহাটী,২৭ ছেপ্টেম্বৰ:ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ তথা মুম্বাইৰ ব্যৱসায়ী ৰিয়াজ ভট্টীক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে। সোমবাৰে ব্যৱসায়ীজনক পশ্চিম আন্ধেৰী অঞ্চলৰ পৰা মুম্বাই আৰক্ষীৰ এক্সটৰ্চন উইঙে ধন দাবীৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।ৰিয়াজৰ বিৰুদ্ধে ভাৰ্চোভা থানাত এজাহাৰ দাখিল কৰা হৈছিল। ভাৰ্চোভা অঞ্চলৰ এজন ব্যৱসায়ীয়ে তেওঁক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তদুপৰি তেওঁৰ পৰা ৩০ লাখ টকাৰ এখন গাড়ী আৰু নগদ ৭.৫ লাখ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।এই ঘটনাত এফ আই আৰ দাখিল কৰা হৈছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে দাউদৰ ঘনিষ্ঠ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। দাউদৰ ঘনিষ্ঠ খুলশালীয়েক শ্বাকীল আৰু শ্বাকীলৰ আত্মীয় চেলিম ফ্ৰুটৰ নামো এফআইআৰত উল্লেখ কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বিগত সময়ত একাধিক অভিযোগৰ ভিত্তিত ৰিয়াজক গ্ৰেপ্তাৰ কৰা হৈছিল। বলপূৰ্বকভাৱে মাটি দখল কৰা, গুলীচালনা আদি কেইবাটাও অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে। ২০১৫ আৰু ২০২০ চনত ভুৱা পাছপ’ৰ্ট ব্যৱহাৰ কৰি দেশৰ পৰা পলাই যাবলৈ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে ৰিয়াজৰ বিৰুদ্ধে । মঙলবাৰে আদালতত হাজিৰ কৰা হ’ব অভিযুক্তক।
Comments