গুৱাহাটী,২৭ ছেপ্টেম্বৰ:কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ জটিলতা সৃষ্টি হোৱাত উল্লাসিত হৈ পৰিছে বিজেপি শিবিৰ। কিন্তু দলৰ শীৰ্ষ নেতৃত্বই বিজেপিৰ সভাপতিৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা চিন্তা কৰা নাই। বৰং বৰ্তমানৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ কাৰ্যকাল পৰৱৰ্তী লোকসভা নিৰ্বাচনলৈ বৃদ্ধি কৰিব পাৰে। অহা বৰ্ষৰ জানুৱাৰী মাহত নাড্ডাৰ বিজেপিৰ সভাপতি হিচাপে তিনিবছৰীয়া কাৰ্যকাল শেষ হোৱাৰ কথা।
সভাপতি নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰত নতুন সংকটৰ বাবে সুখী হৈ পৰা বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কংগ্ৰেছৰ দুৰ্বল অৱস্থাক লৈ কটুক্তিৰে কয়,“কংগ্ৰেছৰ কোনো দিশ নাই আৰু কোনো নেতা নাই।নেতাৰ কথা কোনেও নুশুনে।"
কংগ্ৰেছৰ সৈতে বিৰোধী মিত্ৰতা কৰিবলৈ আগ্ৰহী নীতিশ কুমাৰক আজি বিজেপিয়ে ঠাট্টা-মস্কৰা কৰে। নীতিশক লৈ এটা কাৰ্টুন উপস্থাপন কৰিছে বিজেপিয়ে। ইয়াত নীতিশক ‘পুলতুৰাম’ বুলি কোৱা হৈছে, প্ৰধানমন্ত্ৰীৰ সিংহাসনৰ পিছতহে নীতিশ কুমাৰে দৌৰিছে বুলি কৈছে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে দেওবাৰে কংগ্ৰেছক ঠাট্টা কৰি কয় যে ৰাহুল গান্ধীয়ে ‘ভাৰত যোৰো যাত্ৰা’ত খোজ কঢ়াৰ পৰিৱৰ্তে প্ৰথমে অশোক গেহলট আৰু শচীন পাইলটক যোৰ দিবলৈ চেষ্টা কৰক! ইয়াৰ পূৰ্বে পাইলটে গেহলটৰ বিৰুদ্ধে বিদ্ৰোহ কৰি বিজেপিলৈ দলত্যাগ কৰিছিল যদিও পুনৰ কংগ্ৰেছলৈ উভতি আহিছিল। এইবাৰো প্ৰশ্ন উত্থাপন হৈছে যে ৰাজস্থানত কংগ্ৰেছৰ সংকটৰ সুযোগ ল’বলৈ বিজেপিয়ে চেষ্টা কৰিবনে? কংগ্ৰেছৰ ভিতৰৰ ঘটনাবোৰৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰে বিজেপি নেতাসকলে।
Comments