গুৱাহাটী,২৭ ছেপ্টেম্বৰ:এজন দলিত ছাত্ৰৰ মৃত্যুক লৈ উত্তৰ প্ৰদেশৰ ঔৰাইৰা জিলাত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ক্লাছত বানান ভুলৰ বাবে এজন শিক্ষকে তেওঁক তীব্ৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল যাৰ ফলশ্ৰুতিত শনিবাৰে চিকিৎসালয়ত মৃত্যু হয় ছাত্ৰজনৰ। ইয়াৰ পিছতে আৰম্ভ হয় প্ৰতিবাদ।
যোৱা ৭ ছেপ্টেম্বৰত নিখিত দোহৰে নামৰ ছাত্ৰজনে সমাজ বিজ্ঞানৰ পৰীক্ষাত বানান ভুল কৰিছিল। ইয়াৰ পিছতে তেওঁৰ শিক্ষক অশ্বিনী সিঙে তেওঁক বেয়াকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। প্ৰহাৰ কৰাৰ সময়তেই মূৰ্চা যোৱা নিখিতক এখন চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে সন্ধিয়া মৃতদেহটো পৰিয়ালটোক চমজাই দিয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্ত শিক্ষকজন এতিয়াও পলাই আছে । তেওঁৰ সন্ধান চলি আছে। পৰিয়াল আৰু ভীম সেনাৰ নেতাই প্ৰথম অৱস্থাত শ্মশানত প্ৰতিবাদ কৰি অভিযুক্ত শিক্ষকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। অভিযুক্ত শিক্ষকজন উচ্চ বৰ্ণৰ হোৱাৰ বাবে জাতি বৈষম্যৰ অভিযোগত প্ৰতিবাদৰ সূচনা হয়। নিখিতৰ বিদ্যালয়ৰ সন্মুখত থকা পথটো বন্ধ কৰি দিয়া হয় । হিংসাত্মক ৰূপ ধাৰণ কৰে প্ৰতিবাদে । আৰক্ষীৰ এখন গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাৰো অভিযোগ উত্থাপন হৈছিল ।
Comments