গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট বলীউডৰ বিখ্যাত দম্পতি। অনুৰাগীয়ে দুয়োকে একেলগে চাবলৈ বহুত ভাল পায়। যদিও এই যুটিটো কেমেৰাৰ সন্মুখত অতি ৰোমান্টিক শৈলীত দেখা যায়, কিন্তু ৰণবীৰ আৰু আলিয়া বাস্তৱ জীৱনত কেনেদৰে বাস কৰে, অনুৰাগীসকলে নিশ্চিতভাৱে এই বিষয়ে জানিব বিচাৰে।
এই বিষয়ে শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁলোকৰ শোৱা কোঠাৰ গোপনীয়তাৰ কিছু বিশেষ কথা প্ৰকাশ পাইছিল। ৰণবীৰে আলিয়াৰ গৰ্ভধাৰণৰ পিছত বহুটো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি তেওঁ উল্লেখ কৰিছে, যাৰ বাবে তেওঁ বিচনাখনৰ এটা কোণতহে শুব লগা হয়।
ৰণবীৰ কাপুৰে তেওঁৰ পত্নী আলিয়া ভাটৰ শোৱাৰ শৈলী সন্দৰ্ভত এক সাক্ষাৎকাৰত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে, "আলিয়াই ইমান ডাঙৰ বিচনাখনত ঘূৰি থাকে, যাৰ বাবে মই বিচনাখনৰ এটা কোণত কোনোমতেহে শুব পাৰো। আলিয়াৰ এই অভ্যাসৰ বাবে কেতিয়াবা মোৰ টোপনি নাহে।
ইপিনে, যেতিয়া আলিয়াক ৰণবীৰৰ বেয়া অভ্যাসৰ বিষয়ে সোধা হৈছিল, আলিয়াই কৈছিল যে, "মই ৰণবীৰৰ শান্ত ৰূপটো ভাল পাওঁ কিন্তু কেতিয়াবা ৰণবীৰৰ শান্ত ৰূপটোৱে মোক বিৰক্ত কৰি তোলে। ৰণবীৰৰে মোৰ সকলো কথা শুনে আৰু মই এই বস্তুটো বহুত ভাল পাও, কিন্তু কেতিয়াবা মই বিচাৰো যে ৰণবীৰে কিছুমান পৰিস্থিতিত কিছু কথা কৈ দিয়া উচিত, কিন্তু তেওঁ যিদৰে নীৰৱ হৈ থাকে, মই সেইটো একেবাৰে ভাল নাপাও।
Comments