গুৱাহাটী, ২৮ ছেপ্টেম্বৰঃ ৰাছিয়াই পূব চহৰ ভ্লাদিভষ্টকত এজন জাপানী কূটনীতিবিদক "সংবেদনশীল" তথ্য প্ৰাপ্ত কৰাৰ চেষ্টা কৰাৰ অভিযোগত আটক কৰিছে। একে সময়তে, জাপানে চোৰাংচোৱাৰ অভিযোগত জাপানী কনচুলেটৰ এজন বিষয়াক আটক কৰাৰ অভিযোগ খাৰিজ কৰিছে, ৰাছিয়াৰ বিষয়াসকলক "লাঞ্ছনাজনক" ধৰণে প্ৰশ্ন কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিষয়টোত ৰাছিয়াৰ ওচৰত ক্ষমা বিচৰাৰ দাবী জনাইছে।
ৰাছিয়াৰ সংস্থাই এই সন্দৰ্ভত কৈছে যে, "এজন জাপানী কূটনীতিবিদক ধন দি সংবেদনশীল তথ্য লোৱাৰ সময়ত হাতে-লোটে ধৰা পৰিছে। তেওঁ ৰাছিয়াৰ বিষয়ে তথ্য লাভ কৰি আছিল, যাক এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আন কোনো দেশৰ সৈতে ভাগ বতৰা কৰাটো নিষিদ্ধ।"
ইয়াৰ লগতে, ৰাছিয়াৰ ফেডাৰেল চিকিউৰিটি চাৰ্ভিচে (এফএছবি) অভিযোগ কৰিছে যে, "ভ্লাদিভষ্টক-ভিত্তিক কনসাল মোটোকি টাটচুনোৰীয়েও পশ্চিমীয়া নিষেধাজ্ঞাৰ প্ৰভাৱ সম্পৰ্কে তথ্য প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিছে। একে সময়তে, জাপানৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে, " আমাৰ এজন বিষয়াক ২২ ছেপ্টেম্বৰত আটক কৰা হৈছে আৰু তেওঁক চকুত কাপোৰ বান্ধি জেৰা কৰা হৈছে। তেওঁক এনেদৰে দুৰ্ব্যৱহাৰ কৰাৰ বাবে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু ক্ষমা বিচাৰৰ দাবী জনাইছো।"
মূল ঘটনা অনুসৰি, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে সোমবাৰে মস্কোত থকা জাপানৰ দূতাবাসক জনাইছে যে বিষয়াজনক "অবাঞ্ছিত ব্যক্তি" বুলি ঘোষণা কৰা হৈছে আৰু অবৈধ চোৰাংচোৱা কাৰ্যকলাপত জড়িত থকাৰ বাবে ৪৮ ঘণ্টাৰ ভিতৰত দেশ ত্যাগ কৰিবলৈ কোৱা হৈছে। জাপানৰ মুখ্য কেবিনেট সচিব হিৰোকাজু মাৎসুনোৱে সংবাদ মাধ্যমক কৈছে যে, "ৰাছিয়াৰ পদক্ষেপ সম্পূৰ্ণ ভিত্তিহীন। আমাৰ দেশৰ উপ বৈদেশিক মন্ত্ৰী টাকিয়ো মৰিয়ে ঘটনাটোৰ ওপৰত তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰদূতক মাতি পঠিয়াইছে। তেওঁ ঘটনাটোৰ বাবে ৰাছিয়া চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনাইছে আৰু এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে উচিত পদক্ষেপ লোৱাটো উচিত বুলি কৈছে।"
Comments