গুৱাহাটী,২৮ ছেপ্টেম্বৰ : দেৰগাঁও নগৰৰ পৰা ৩ কিঃ মিঃ নিলগৰ কমাৰগাঁও পূজাৰীচুকত সোমবাৰৰ পৰা সংঘটিত কাহানিও নেদেখা-নুশুনা আচৰিত ঘটনা আজি দ্বিতীয় দিনাও অব্যাহত আছে। কমাৰগাঁও পূজাৰীচুকৰ ভৱেন বৰপূজাৰী নামৰ ব্যক্তিজনৰ ঘৰৰ যিকোনো আচবাব নিজে নিজেই জ্বলি উঠিছিল। ইয়াৰ পিছতেই অনুৰূপ ঘটনা কাষৰীয়া অন্য তিনিটা পৰিয়ালৰ গৃহতো সংঘটিত হয়।
ঘটনাস্থলীত প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়াৰ লগতে এন আৰ এলৰ বিশেষজ্ঞ দল উপস্থিত হৈ ঘটনাৰ পৰ্যবেক্ষণ কৰে। কিন্তু ক'ৰ পৰা কিদৰে এই ঘটনা সংঘটিত হৈছে তাক লৈ কোনোধৰণৰ সঠিক উত্তৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। পৰিয়ালকেইটাৰ লগতে অঞ্চলবাসী আতংকিত হৈ থকাৰ মাজতে আজি পুৱাৰ ভাগত একেধৰণৰ ঘটনা সংঘটিত হয় পূজাৰীচুকৰ পৰা প্ৰায় ২ কিঃ মিঃ দূৰত্বত গন্ধিয়া গাঁৱৰ জোনমণি দেৱীৰ ঘৰত। মহিলাগৰাকীৰ বাসগৃহৰ দুখনকৈ বিদ্যুৎ সংযোগী ব'ৰ্ড হঠাতে বাহিৰ ফালৰ পৰা জ্বলি উঠে। তৎকালীনভাৱে জুই নির্বাপিত হয় যদিও এক আতংকময় পৰিবেশৰ সৃষ্টি হয়। এনে অস্বাভাৱিক ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। অৱশ্যে ইয়াৰ উৎস বিচাৰি পোৱা নাই যদিও যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ নিৰাপত্তা বাহিনী আৰু অগ্নিনির্বাপক বাহিনীক সাজু কৰি ৰাখিছে দেৰগাঁও প্রশাসনে।
Comments