গুৱাহাটী,২৮ ছেপ্টেম্বৰ : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ টি-২০ শৃংখলা ২-১ ব্যৱধানত চমকপ্রদ জয়ৰ পিছত এতিয়া নতুন প্রত্যাহ্বানৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। টি-২০ বিশ্বকাপৰ পূৰ্বে অন্তিমটো চমু ফৰ্মেটৰ শৃংখলাত কাইলৈ দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব ৰোহিত শর্মা বাহিনী। বিশ্বকাপৰ পূৰ্বে হেমি ফাইনেল হিচাপে খ্যাত তিনিখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ তিৰুৱনন্তপুৰমত অনুষ্ঠিত হ'ব। অৱশ্যে টি-২০ শৃংখলাটোৰ উপৰি এদিনীয়া শৃংখলাতো অৱতীৰ্ণ হ'ব ভাৰতীয় দলটো, কিন্তু সকলোৰে দৃষ্টি টি-২০ ছিৰিজটোতে থাকিব। কিয়নো বিশ্বকাপৰ বাবে ভাৰতৰ প্রস্তুতি চূড়ান্ত কৰা এইখনেই শেষ ছিৰিজ। ইয়াৰ পৰাই টীম ইণ্ডিয়াই চূড়ান্ত কৰিব লাগিব বিশ্বকাপৰ একাদশ।
অৱশ্যে হার্ডিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ আৰু দীপক হুড়াৰ অবিহনে চূড়ান্ত একাদশ নিৰ্ণয় কৰাটো ভাৰতীয় শিবিৰৰ বাবে কঠিন হ'ব। সমান্তৰালভাৱে দক্ষিণ আফ্ৰিকাৰ দৰে শক্তিশালী দলক তাৰকাকেইগৰাকীৰ অনুপস্থিতিত সহজে পৰাস্ত কৰাটো সহজ নহ'ব। ভুৱনেশ্বৰৰ ফৰ্ম চিন্তাজনক যদিও হার্ডিকৰ অনুপস্থিতি ভাৰতৰ বাবে মোক্ষম আঘাত। শ্রেয়াছ আয়াৰ আৰু শাহবাজ আহমেদ দলত অন্তর্ভুক্ত হৈছে যদিও বহুদিনৰ পৰা টি-২০ মেচৰ পৰা আঁতৰি আছে আয়াৰ। একেদৰে শাহবাজে অভিষেকৰ সুযোগেই লাভ কৰা নাই।
Comments