Cartoon
View Older
গুৱাহাটী,২৮ ছেপ্টেম্বৰ : ভাৰতৰ কিংবদন্তি মহিলা বলাৰ ঝুলন গোস্বামীক সন্মান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বংগ ক্রিকেট সন্থাই। 'চকদা এক্সপ্ৰেছ' নামেৰে জনপ্ৰিয় পেচাৰগৰাকীয়ে শনিবাৰে ক্ৰিকেটৰ মক্কা লৰ্ডছত অৱসৰ গ্ৰহণ কৰিছিল। এতিয়া তেওঁৰ নামটো আন এখন ঐতিহাসিক ষ্টেডিয়ামৰ সৈতে জড়িত হ'ব। ক্রিকেট এছ'চিয়েশান অৱ বেংগলৰ সভাপতি অভিষেক ডালমিয়াই ঘোষণা কৰা অনুসৰি ঐতিহাসিক ইডেন গার্ডেনত এটা ষ্টেণ্ড ঝুলনৰ নামেৰে নামকৰণ হ'ব।
পশ্চিমবঙ্গৰ ক্ৰিকেট সন্থাৰ সভাপতি অভিষেক ডালমিয়াই কয়-আমি ঝুলন গোস্বামীৰ নামেৰে ইডেন গার্ডেনত এটা ষ্টেণ্ডৰ নামকৰণ কৰিবলৈ ওলাইছোঁ। তেওঁ এগৰাকী বিশেষ ক্ৰিকেটাৰ আৰু মহান ।"
Comments