গুৱাহাটী,২৮ ছেপ্টেম্বৰ:বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ ফলত তেলৰ মূল্য বৃদ্ধিক লৈ চিন্তিত আৰু ই আমাৰ কঁকাল ভাঙিছে । দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ সচিব এণ্টনি ব্লিঙ্কেনৰ সৈতে এক যুটীয়া সংবাদমেল সম্বোধন কৰি জয়শংকৰে কয় যে উন্নয়নশীল দেশসমূহৰ মাজত শক্তিখণ্ডৰ প্ৰয়োজনীয়তা কেনেদৰে সমাধান কৰা হয় তাক লৈহে গভীৰ উদ্বেগৰ সৃষ্টি হৈছে ।
ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত তেওঁ কয়, "আমি ব্যক্তিগতভাৱে, ৰাজহুৱাভাৱে, গোপনীয়ভাৱে আৰু ধাৰাবাহিকভাৱে এই স্থিতি গ্ৰহণ কৰিছোঁ যে এই সংঘৰ্ষ কাৰো স্বাৰ্থত নহয় । চাওক, তেলৰ মূল্য সন্দৰ্ভত আমি চিন্তিত । কিন্তু আমি জনমূৰি ২,০০০ আমেৰিকান ডলাৰ অৰ্থনীতিৰ দেশ । তেলৰ মূল্যই যিহেতু আমাক মাধমাৰ শোধাইছে সেয়ে বিষয়টো আমাৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে ।"
Comments