ধেমাজি , ২৮ ছেপ্তেম্বৰঃ মুখ্যমন্ত্ৰীৰ সুৰতেই সুৰ মিলাই এইবাৰ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাইও সাংবাদিক সকলৰ পৰা বানপানী কমাৰ বাবে কৃতজ্ঞতা বিচাৰে ৷ আজি ধেমাজিত উপস্থিত হৈ অসম চৰকাৰৰ মন্ত্ৰী পিযুষ হাজৰিকাই পোনে পোনে ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ সোঁপাৰে প্ৰায় ৫০ কোটি টকাৰে নিৰ্মীয়মাণ হৈ থকা মথাউৰিটো পৰিৰ্দশন কৰাৰ পিছতে ধেমাজিৰ গাইনদীত নিৰ্মিয়মান মথাউৰি পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে পূৰ্বৰ তুলনাত ধেমাজি আৰু লখিমপুৰত এইবাৰ বান যথেষ্ট কমিছে ৷
এইয়া চৰকাৰৰ কৰ্মৰ ফলাফল ৷ এই ফলাফলৰ বাবে সাংবাদিক সকলে অসম চৰকাৰক ধন্যবাদহে দিব লাগে ৷ তেতিয়া কাম কৰাৰ বাবে উৎসাহ বাঢ়ে ৷ বানমুক্ত কৰাৰ বাবে ধেমাজি জিলাখনত আমাৰ সপোন আছিল আৰু সেই সপোন চৰকাৰখনে অহা বছৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কথা ব্যক্ত কৰে ৷
আজি জলসম্পদ মন্ত্ৰী গৰাকীৰ সৈতে সাংসদ প্ৰদান বৰুৱা , বিধায়ক ভূৱন পেগু , জলসম্পদৰ অধীক্ষক অভিযন্তা সমীৰণ ডেকা , ধেমাজি জলসম্পদ বিভাগৰ কাৰ্য্যৱাহী অভিযন্তা বদন চন্দ্ৰ গোস্বামী , সহকাৰী কাৰ্যৱাহী অভিযন্তা সুব্ৰত দাস , জৱহৰলাল ৰয় প্ৰমুখ্যে জলসম্পদৰ বিষয়া - কৰ্মচাৰী সকল উপস্থিত থাকে ৷
Comments