গুৱাহাটী,২৮ ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বুধবাৰে অসমৰ ডিমা হাচাও জিলাত এটা দক্ষতা বিকাশ কেন্দ্ৰ উদ্বোধন কৰা হয়।৩৬.৬০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা এই কেন্দ্ৰটো কেন্দ্ৰীয় চৰকাৰ,অসম চৰকাৰ আৰু পূৰ্বৰ উগ্ৰপন্থী সংগঠন ডিমা হালিম দাওগাহৰ দুয়োটা ফৈদৰ মাজত হোৱা চুক্তি অনুসৰি এক বিশেষ বিত্তীয় পেকেজৰ অধীনত স্থাপন কৰা হৈছে ।
এই উপলক্ষে ভাষণ দি অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই পাহাৰীয়া জিলাখনৰ যুৱক-যুৱতীসকলক দক্ষতা প্রশিক্ষণ প্রদান কৰাত নৱনির্মিত দক্ষতা বিকাশ কেন্দ্রই এক বিশিষ্ট ভূমিকা পালন কৰিব বুলি প্রকাশ কৰে৷তেওঁ লগতে কয় যে বীৰ সম্বুধন ফাংলোৰ নামেৰে দক্ষতা বিকাশ কেন্দ্ৰটোৰ নামকৰণ কৰাটো মহান স্বাধীনতা সংগ্ৰামী গৰাকীৰ প্ৰতি এক উপযুক্ত শ্ৰদ্ধাঞ্জলি।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সকলো ফ্ৰণ্টতে দ্ৰুতগতিত অগ্ৰগতি লাভ কৰি আহিছে।
Comments