গুৱাহাটী,২৯ ছেপ্টেম্বৰ:দুৰ্গা পূজাৰ প্ৰাকক্ষণত তিনিদিনীয়া ভ্ৰমণ সূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং । কালি আবেলি ডিব্ৰুগড়ৰ বিমান বন্দৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক আদৰণি জনায় কৃষি মন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ।
বুধবাৰে সন্ধিয়া অসমৰ দিনজান সেনা শিবিৰত উপস্থিত হৈ সেনা শিবিৰটো পৰিদৰ্শন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড়ৰ বিমান বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী পোনে পোনে অৰুণাচল প্ৰদেশলৈ ৰাওনা হয় । ভ্ৰমণসূচীৰ সময়ছোৱাত অসম আৰু পূৱ অৰুণাচল প্ৰদেশৰ ফ্ৰন্টলাইন স্থানসমূহলৈ যাব বুলি তৃতীয় কৰৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমিত শুক্লাই জনায় ৷
তেওঁ আজি সীমান্তৰ ফৰৱাৰ্ড পোষ্টসমূহ ভ্ৰমণ কৰি অপাৰেচনেল প্ৰস্তুতিৰ ওপৰত বুজ ল’ব লগতে সৈন্যৰ সৈতে মত বিনিময় কৰিব । কৃষিমন্ত্ৰী অতুল বৰা আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনৰ লগতে পৌৰপতি সাইকত পাত্ৰ, উপায়ুক্ত, আৰক্ষী উপ-মহা পৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিমান বন্দৰৰ পৰা আদৰি আনে ।
Comments