গুৱাহাটী,২৯ ছেপ্টেম্বৰঃ ইংলেণ্ড আৰু ৱেল্ছ ক্ৰিকেট সন্থাই ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক শৃংখলা আয়োজনৰ প্ৰস্তাৱ আগবঢ়াইছে। কিন্তু ভাৰতীয় ব'ৰ্ড খনে এনে ছিৰিজৰ সম্ভাৱনাক স্পষ্টভাৱে নাকচ কৰি দিছে। এই সন্দৰ্ভত প্ৰত্যুত্তৰ দি বি চি চি আয়ে কয় যে অদূৰ ভৱিষ্যতে এনে কোনো সম্ভাৱনা নাই। পাকিস্তানৰ ব'ৰ্ডেও ভাৰতৰ বিৰুদ্ধে নিৰপেক্ষ স্থানত ছিৰিজ খেলিবলৈ সাজু নহয়। তথাপি আমি ই চিবিক ধন্যবাদ জনাইছোঁ। পাকিস্তানৰ সৈতে ছিৰিজ সন্দৰ্ভত সিদ্ধান্ত ল'ব চৰকাৰে। আমি পাকিস্তানৰ বিৰুদ্ধে কেৱল আন্তৰ্জাতিক ইভেন্টহে খেলিম।
উল্লেখ্য যে ২০১২ চনতেই ভাৰত-পাকিস্তানে ভাৰতত দ্বিপাক্ষিক শৃংখলা খেলিছিল। ২০০৭ চনত দুয়োখন দেশৰ মাজত অনুষ্ঠিত হৈছিল শেষৰখন টেষ্ট শৃংখলা। মন কৰিবলগীয়া যে যোৱা দহবছৰ ধৰি দুয়োখন দেশে কেৱল আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আৰু এছিয়ান ক্ৰিকেট পৰিষদৰ উদ্যোগত আয়োজন কৰা প্ৰতিযোগিতাহে একেলগে খেলিছে।
Comments