গুৱাহাটী,২৯ ছেপ্টেম্বৰ:সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত ৰোগীৰ চিকিৎসাৰ বাবে মুকলি হ’ব ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় ৷ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে শুভ উদ্বোধন কৰিব চিকিৎসা মহাবিদ্যালয়খনৰ ৷ ১২ অক্টোবৰত গুৱাহাটীৰ পৰাই ভাৰ্ছুৱেলী উন্মোচন হ’ব লগা চিকিৎসা মহাবিদ্যালয়খনৰ শেহতীয়া কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্মীয়মান চিকিৎসালয়খনত বুধবাৰে উপস্থিত হয় ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ৷
চিকিৎসালয়খনৰ কামৰ অগ্ৰগতিৰ বুজ লৈ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে, ১০০ গৰাকী MBBS ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে ৷ অহা ১ নৱেম্বৰৰ পৰা চিকিৎসা মহাবিদ্যালয়ৰ পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, বুধবাৰে মন্ত্ৰীগৰাকীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসালয়খনৰ সকলো দিশৰ বুজ লোৱাৰ লগতে চিকিৎসা মহাবিদ্যালয়খনৰ এখন গুৰুত্বপূৰ্ণ সভাতো অংশগ্ৰহণ কৰে । এই সভাত গভাৰ্নিং বডিৰ অধ্যক্ষ হিচাপে থকা ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে উপস্থিত থাকে স্থানীয় বিধায়কসকল, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এমৰ কাৰ্যবাহী সঞ্চালক, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা, ডি এম চি এইচৰ অধীক্ষক, চিকিৎসা মহাবিদ্যালয়খনৰ পৰিচালনা মণ্ডলী, চিকিৎসকসকল আৰু লোকনিৰ্মাণ (গৃহ) বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত থাকে ।
Comments