গুৱাহাটী,২৯ ছেপ্টেম্বৰ:বুধবাৰে নিশা আৰু তাৰ পিছত বৃহস্পতিবাৰে পুৱা। জম্মু-কাশ্মীৰৰ উধামপুৰত ৮ ঘণ্টাৰ ব্যৱধানত দুখন যাত্ৰীবাহী বাছত বিস্ফোৰণ ঘটে। বাছ ষ্টেণ্ডত ৰখি থকা খালী বাছখনত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত কোনো লোক হতাহতি হোৱা নাই। আতংক বিয়পোৱাৰ বাবে কোনো উগ্ৰপন্থী সংগঠনে এনে কৰিছে বুলি অনুমান কৰা হৈছে।
আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে নিশা প্ৰায় ১১.১৫ বজাত উধামপুৰৰ দোমাইল চকৰ সমীপত ৰখাই থোৱা এখন বাছত প্ৰথমটো বিস্ফোৰণ সংঘটিত হয়। উক্ত ঘটনাত দুজন লোক গুৰুতৰভাৱে আহত হয়।ইয়াৰ পিছত বৃহস্পতিবাৰে পুৱা প্ৰায় ৬.৩০ বজাত ডোমাইল চকৰ পৰা ৪ কিলোমিটাৰ দূৰত থকা পুৰণি বাছ ষ্টেণ্ডত ৰখাই থোৱা এখন বাছত বিস্ফোৰণ সংঘটিত হয়। অৱশ্যে তাত কোনো লোক আহত হোৱা নাই। উল্লেখ্য, অহা সপ্তাহত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পূৰ্বে উগ্ৰপন্থীসকলে আতংক বিয়পোৱাৰ বাবে এনেদৰে কৰা বুলি ধাৰণা কৰা হৈছে।
Comments