Cartoon
View Older
গুৱাহাটী,২৯ ছেপ্টেম্বৰ:পিঠিৰ বিষৰ বাবে ভাৰতৰ আগশাৰীৰ পেচ বলাৰ যছপ্ৰীত বুমৰাহ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ব লগা হৈছে। বুধবাৰে বুমৰাহে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ছিৰিজৰ প্ৰথমখন টি-২০ মেচতো অংশ লোৱা নাছিল ।
ভাৰতৰ নেট অনুশীলনৰ সময়ত তেওঁ ফিজিঅ'ক কঁকালৰ বিষৰ অভিযোগ কৰিছিল। ফিজিঅ'ই পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি বুমৰাহক প্ৰথম খেলখনৰ পৰা বিশ্ৰাম লোৱাৰ পোষকতা কৰিছিল । কিন্তু অৱশেষত এই বিষেই কাল হ'ল বুমৰাহৰ বাবে টি-২০ বিশ্বকাপত বুমৰাহৰ অনুপস্থিতিয়ে ভাৰতীয় দলক যথেষ্ট প্ৰভাৱ পেলাব,ইতিমধ্যে ৰবীন্দ্ৰ জাডেজায়ো আঘাতৰ বাবে বাহিৰ হৈছিল দলৰ পৰা৷ জাডেজাৰ স্থানত সুবিধা দিয়া হৈছে অক্ষৰ পেটেলক,খবৰ অনুসৰি বুমৰাহৰ ঠাইত মহম্মদ ছামি নাইবা মহম্মদ ছিৰাজক দিয়া হ'ব পাৰে সুবিধা ।
Comments