গুৱাহাটী, ৩০ ছেপ্টেম্বৰ : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। ২ অক্টোবৰত বৰ্ষাপাৰাত দ্বিতীয়খন টি-২০ খেলাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হ'লহি ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ দল। বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰাৰ পিছতে দুয়োটা দলক বিপুল আদৰণি জনোৱা হয়। ইয়াৰ পিছতে l দল দুটাক অনা হয় গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুলৈ। বিশেষ চার্টার্ড বিমানযোগে দল দুটাই তিৰুৱনস্থপুৰমৰ পৰা ১ বাজি ২৮ মিনিটত উৰা মাৰিছিল গুৱাহাটী অভিমুখে। বিয়লি প্রায় ৪.১৫ বজাত উপস্থিত হয় বৰঝাৰ বিমানবন্দৰত। এতিয়া আজিৰ পৰা দল দুটা নামিব অনুশীলনত।
দিনৰ ভাগত টীম ইণ্ডিয়াই অনুশীলন কৰাৰ পৰিৱৰ্তে বিয়লি ৫ বজাৰ পৰা অনুশীলন কৰিব প্ৰটিয়াজ দলটোৱে। উল্লেখ্য যে টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পূৰ্বে হোটেল ৰেডিছন ব্লুত উপস্থিত হয় বিচিচিআইৰ সদস্য । দুয়োটা দলৰ উপস্থিতিৰ আগতেই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় হোটেল ৰেডিছন ব্লুত। অৱশ্য ইয়াৰ মাজতো হোটেলত ভাৰতীয় দলৰ তথা ক্রিকেট অনুৰাগীৰ ভিৰ পৰিলক্ষিত হয় ৰেডিছন ব্লুৰ সন্মুখত। য'ত অনুৰাগীসকলে ওচৰৰ পৰা প্ৰত্যক্ষ কৰে বিৰাট কোহলি, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্টৰ দৰে তাৰকাক। কিন্তু ভাৰতীয় শিবিৰত দেখা নগ'ল ৰোহিত শৰ্মাক।
Comments