গুৱাহাটী,৩০ ছেপ্টেম্বৰ : বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিত কালি অত্যাধুনিক পৰিদৰ্শন বঙলাৰ শুভ উদ্বোধন কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ২০১৯-২০ বিত্তীয় বৰ্ষৰ এছ অ’ পি ডি জি (জি) আঁচনিৰ দুই কোটি টকাৰে নিৰ্মিত এই পৰিদৰ্শন বঙলাৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীক স্থানীয় সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰ, পলাশবাৰী সমষ্টিৰ সমষ্টিৰ বিধায়ক হেমাঙ্গ ঠাকুৰীয়াই সংগ দিয়ে।
১১টা কোঠালী থকা এই অত্যাধুনিক পৰিদৰ্শন বঙলাত মুঠ ৬টা কোঠালী শীত তাপ নিয়ন্ত্রণ সুবিধাযুক্ত। ৫০ জন মানুহে বহি অনুষ্ঠিত কৰিব পৰা সভাক্ষত অত্যাধুনিক শব্দ প্ৰতিৰোধত ব্যৱস্থা আছে। সভাকক্ষত আধুনিক এল চি ডি প্ৰযুক্তিৰ লগতে মাইক্রফোন ব্যৱহাৰ কৰা হৈছে। প্ৰতিখন কোঠালীত চি চি টিভি সংযুক্ত কৰাৰ লগতে ইন্টাৰকম সুবিধাযুক্ত। পৰিদৰ্শন বঙলাৰ প্ৰতিটো কোঠালী টয়লেট, বাথৰুম সংযুক্ত হৈ আছে। ২০২০ চনৰ ২০ জানুৱাৰীত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে পৰিদৰ্শন বঙলাৰ আধাৰশিলা স্থাপন কৰিছিল।
Comments